ক্ষুদ্ৰ চাহ খেতিৰে অসমৰ গৰিষ্ঠ সংখ্যক নিবনুৱা যুৱকে আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু অসমীয়া যুৱকে শ শ বিঘা মাটিত চাহ খেতি আৰম্ভ কৰি ৰাজ্যখনলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ সময়তে শোণিতপুৰ জিলাৰ নাহৰবাৰী চাহ ফেক্টৰীয়ে বিৰল সন্মান আজুৰি আনিছে।যোৱা ২৯নবেম্বৰ পৰা ১ডিচেম্বৰলৈ মুম্বাইৰ নেহৰু চেণ্টাৰত অনুষ্ঠিত ষষ্ঠ বিশ্ব চাহ আৰু কফি এক্সপ’ত নাহৰবাৰী চাহ ফেক্টৰীয়ে lndustry leader সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে এই প্ৰদৰ্শনীত চীন, জাপান, থাইলেণ্ড, আমেৰিকাৰ পৰা অহা কেবাটাও চাহ কোম্পানীয়ে অংশগ্ৰহণ কৰিছিল।মনকৰিবলগীয়া যে নাহৰবাৰী চাহে চলিত বৰ্ষত হংকঙত অনুষ্ঠিত এক প্ৰদৰ্শনীত বিশ্ব শ্ৰেষ্ঠ চাহৰ খিতাপ অৰ্জন কৰিছিল।সহযোগ কৰিলে তেজপুৰৰ পৰা ধ্ৰুৱ জ্যোতি নাাথে ।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা