শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে মুখ্য উদ্দেশ্য হিচাপে অসমৰ কলা সংস্কৃতি আৰু সাহিত্য প্ৰচাৰ প্ৰসাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি আহিছে।এই উদ্দেশ্যক সাৰোগত কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ অসমৰ জাতীয় সংস্কৃতি বিষয়ক মহিলা শিল্পীসকলৰ দ্বাৰা চিত্ৰলেখা শীৰ্ষক এখনি চিত্র কৰ্মশালাৰ আয়োজন কৰা হৈছে।আজি কৰ্মশালাখনৰ শুভ উদ্বোধন কৰে অসমৰ বিশিষ্ট ভাস্কর্য শিল্পী তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সাধাৰণ পৰিষদৰ সদস্য বীৰেন সিংহই।কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ভাষণ প্ৰদান কৰি কয় যে ললিত কলা বিভাগৰ কৰণীয় কামখিনি অনাগত দিনত সম্পন্ন কৰা হ’ব।এই বছৰৰ পৰা অসমৰ বিভিন্ন অঞ্চলত কলাক্ষেত্ৰ সমাজৰ উদ্যোগত চিত্র কৰ্মশালা অনুষ্ঠিত কৰা হ’ব।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মুকুল ৰাভা আৰু গায়ত্রী মহন্ত উপস্থিত থাকে।এই চিত্রকলা শিবিৰত অংশগ্রহণকাৰী শিল্পীসকল হ’ল ক্ৰমে অসম চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ জেবিন ৰহমান ঘোষ দোস্তিদাৰ,কিমকি চক্ৰৱৰ্তী,স্মীতা শইকীয়া,মীনাক্ষী বৰগোঁহাই,মণিকা দেৱী,তিমি দাস,অদিটি চক্ৰৱৰ্তী,তুলিৰেখা দেৱী,অৰুন্ধতী চৌধুৰী,পায়েল দেৱনাথ,পিনাজ কাওচাৰ,নীলাঞ্জনা গগৈ,পল্লৱী শৰ্মা আৰু ড০ মৌচুমী ডেকা।
Trending
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন
- দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
- Dr. Himanta Biswa Sarma sworn in as The Chief Minister of Assam
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
- এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
- ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’