চিন্তন শিবিৰ অনুষ্ঠিত

0 168

অসমৰ সৰ্বাংগীন উন্নয়নৰ দিশত সুপৰিকল্পনা আৰু নতুন চিন্তাৰ উন্মেষ ঘটাই ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে কালিৰে পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত আয়োজিত চিন্তন শিবিৰ আধ্যাত্মিক গুৰু সদ্ গুৰু জগ্গি বাসুদেৱ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে । চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ সদ্ গুৰুৱে তেওঁৰ মূল্যবান প্ৰৱচন আগবঢ়ায় । অনুষ্ঠানৰ অংশৰূপে সদ্ গুৰুৰ ইছা ফাউণ্ডেছনৰ দ্বাৰা ৰূপায়িত “ছেভ ছয়ল” শীৰ্ষক অভিযান সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয় । ভূমিৰ বহনক্ষম ব্যৱহাৰ আৰু মাটিৰ অৱক্ষয় ৰোধ কৰাৰ বাবে এই বুজাবুজিৰ চুক্তি নীতি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ নথি হ’ব বুলি আশা কৰা হৈছে ।

কালি কাৰ্যসূচীত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, উৰ্খাও গৌৰা ব্ৰহ্ম, পৰিমল শুক্লবৈদ্য, কেশৱ মহন্ত, ৰনোজ পেগু, অশোক সিংহল, যোগেন মহন, সঞ্জয় কিষাণ, অজন্তা নেওগ, পীযুষ হাজৰীকা, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু ভালেসংখ্যক আমোলা-বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.