দেশজুৰি ক’ভিড – ১৯ মহামাৰীৰ বিৰুদ্ধে চলি থকা যুজখনত আন আন সহস্ৰ বাহিনীৰ দৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফেও সহযোগিতা আগবঢ়াইছে । ইয়াৰ অংশহিচাপে পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ১৫ মে’ৰ পৰা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত ১৮ – ৪৫ বছৰ বয়সৰ লোকসকলৰ বাবে অনুষ্ঠিত হৈ আছে ক’ভিড – ১৯ ৰ প্ৰতিষেধকৰ ভেকচিন বা টীকাকৰণ শিবিৰ । আজি বিয়লি পৰ্যন্ত শিবিৰত সাতোটা দিনত ৬০০ জনতকৈ অধিক লোকক প্ৰথম পৰ্যায়ৰ ভেকচিন দিয়া হৈছে । আনহাতে শিবিৰত আজি প্ৰায় দুবছৰ পূৰ্বে ২০১৯ চনৰ ২৭ মে’ত ঝাৰখণ্ডত নক্সাল উগ্ৰপন্থীৰ আক্ৰমণত আঁহত হৈ ১৩ জুনত নতুন দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা চি আৰ পি এফৰ ২০৯ কবৰা বেটেলিয়ানৰ শ্বহীদ জোৱান আৰু কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত ডিমু পালাৰা গাওঁৰ বাসিন্দা সুনীল কলিতাৰ পত্নী পদুমী কলিতাক ভেকচিন প্ৰদান কৰি সন্মান যচা হয় । শিবিৰত শ্বহীদ জোৱান জনৰ ভাতৃ – ভগ্নীকো ভেকচিন প্ৰদান কৰা হয় । ভেকচিন প্ৰদানৰ সময়ত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মা , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰ , ডেপুটী কমাণ্ডেণ্ট মনোজ সিং উপস্থিত থাকে । আনহাতে ভেকচিন গ্ৰহণৰ পাছত পদুমী কলিতাই সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত ভেকচিন লৈ অত্যন্ত সুখী অনুভৱ কৰাৰ লগতে বিবাহৰ মাত্ৰ এমাহৰ পাছতে স্বামী শ্বহীদ হলেও বিগত প্ৰায় দুটা বছৰত চি আৰ পি এফৰ ফালৰ পৰা বিশেষকৈ ১৭৫ বেটেলিয়ানে তেওঁক সকলো ক্ষেত্ৰতে সহায় – সহযোগ আৰু উৎসাহিত কৰি আহিছে বুলি ব্যক্ত কৰে ।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী