জাতি আৰু ৰাজ্যখনৰ প্ৰতি দায়বদ্ধতাৰে বিভাগীয় সকলোকে কাম কৰিবলৈ আহ্বান মন্ত্ৰী হাজৰিকাৰ

0 150

গুৱাহাটীৰ বশিষ্ঠস্থিত জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত ৰবিবাৰৰ পৰা আয়োজন কৰা অভিযন্তাসকলৰ দুদিনীয়া কৰ্মশালাৰ আজি দ্বিতীয় দিনাও জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে । মন্ত্ৰী হাজৰিকাই দুদিন ধৰি কৰ্মশালাত উপস্থিত থাকি বিভাগৰ অভিযন্তাসকলৰ পৰা বান আৰু খহনীয়া নিয়ন্ত্ৰণ বিষয়ক বিভিন্ন উদ্ভাৱনীমূলক কাৰিকৰী কৌশলৰ বিষয়ে বুজ লয় । আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত বিভাগীয় অভিযন্তাসকলৰ উপস্থাপনৰ পাছত মন্ত্ৰী হাজৰিকাই নিজৰ বক্তব্য ৰাখি কয় যে বানপানীৰ আগত আৰু পাছত বছৰত দুবাৰকৈ জলসম্পদ বিভাগৰ এনেদৰে কৰ্মশালা অনুষ্ঠিত হ’ব । পৰৱৰ্তী এপ্ৰিল মাহত বিভাগীয় সকলো অভিযন্তাৰ বাবে পুনৰ কৰ্মশালা অনুষ্ঠিত কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে বিগত দুটা দিনত বিভাগৰ বিষয়ে বহুতো কথা জানিবলৈ পোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে কৰ্মশালাৰ জড়িয়তে বিভাগীয় অভিযন্তাসকলেও পৰস্পৰৰ পৰা বহু কথা জানিবলৈ সক্ষম হয় ।

মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰিৰ আটাইতকৈ স্পৰ্শকাতৰ অঞ্চলসমূহৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিভাগীয় কামৰ প্ৰাককলন প্ৰস্তুত কৰাৰ সময়ত ঠিকাদাৰৰ পৰা দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনায় । আনহাতে জাতিটোৰ প্ৰতি দায়বদ্ধ হৈ অথবা ৰাজ্যখনৰ প্ৰতি মনত ভালপোৱা ৰাখি সকলো বিভাগীয় অভিযন্তাক কাম কৰিবলৈ মন্ত্ৰী হাজৰিকাই আহ্বান জনায় । বিগত বাৰিষাত যিসমূহ মথাউৰি ক্ষতিগ্ৰস্ত হৈ বানৰ সৃষ্টি কৰিছিল সেই মথাউৰিসমূহৰ কাম সোনকালে সমাপ্ত কৰি পৰৱৰ্তী বানৰ আগতে সকলোকে সাজু থাকিবৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ তত্ত্বাৱধানত ৰবিবাৰৰ পৰা দুদিনীয়াকৈ বিভাগীয় অভিযন্তাসকলৰ কৰ্মশালা অনুষ্ঠিত হৈছিল ।কৰ্মশালাখনত অভিযন্তাসকলে বান আৰু খহনীয়া নিয়ন্ত্ৰণত তেঁওলোকৰ সফল কাৰিকৰী কৌশলসমূহৰ লগতে উদ্ভাৱনীমূলক কৌশলৰ ওপৰত আলোকপাত কৰে।

Leave A Reply

Your email address will not be published.