জাতীয় সম্পদক নৰূপ দিছে ধেমাজিৰ এগৰাকী শিপিনীয়ে

1 215

PicsArt_01-19-07.04.38

অসমীয়া শিপিনীৰ হস্তশিল্পৰ এক সুকীয়া বৈশিষ্ট্য আছে। এই কথাষাৰ আখৰে আখৰে প্ৰমাণ কৰি দেখুৱাইছে ধেমাজিৰ জোনাইৰ এগৰাকী মহিলাই। জীনু বৰুৱা নামৰ মহিলাগৰাকীয়ে মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি ৩৪ টা বৰগীত এখন ১২৪ ফুট দীঘল গামোচাত ফুল বাছি উলিয়াইছে।

PicsArt_01-19-07.06.55

জোনাইৰ কমলপুৰৰ জীনু বৰুৱাই ইয়াৰ পূৰ্বে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গান আৰু তেখেতৰ প্ৰতিচ্ছবি তাঁতত বৈ উলিয়াইছিল। কেৱল এয়াই নহয় জীনু বৰুৱাই ভাৰত অসমৰ লগতে গৃহ জিলা ধেমাজিৰ মেপ সুঁতা আৰু কাঠিৰে বনাই তুলিছে। পেছাত শিক্ষয়িত্ৰী জীনু বৰুৱা এনে কামৰ চিন্তা কিদৰে মনলৈ আহিল জানিব বিচৰাত তেখেতে এনেদৰে কয়- কাপোৰ বৈ বেলেগক উপহাৰ দিওতে বোৱা কাপোৰৰ মোৰ হাতত কোনো চিন-চাব নাছিল।

PicsArt_01-19-07.05.52

সেয়ে ভাবিলো যে মই  বোৱা কাপোৰত যদি আমাৰ আপুৰুগীয়া সম্পদক খোদিত কৰো, নিশ্চয়কে ভাল হ’ব। সেই আশাৰে এনে কাৰ্য্য হাতত ল’লো। উল্লেখযোগ্য যে জীনু বৰুৱাৰ প্ৰস্তুত কৰা বস্ত্ৰ কেইখন শংকৰদেৱ সংঘৰ অধিবেশনত প্ৰদৰ্শিত কৰিব। শিপিনী জীনু বৰুৱাৰ এনে কৰ্মৰ বাবে সমগ্ৰ জোনাইতে চৰ্চাৰ বিষয় হৈ পৰিছে।

PicsArt_01-19-07.08.15

1 Comment
  1. bhaskar says

    আমাৰ গৌৰৱ

Leave A Reply

Your email address will not be published.