জামুগুৰিহাটত বৰলুইতৰ ইপাৰ সিপাৰৰ সতীৰ্থ সন্মিলন

0 234

চ`চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত তথা অসমৰ অন্যতম জনপ্ৰিয় ফেচবুক গ্ৰুপ বৰলুইতৰ ইপাৰ সিপাৰৰ সদস্য সকলে আজি অনুষ্ঠিত কৰে সতীৰ্থ সন্মিলন। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত ইতিমধ্যে শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত সতীৰ্থ সন্মিলনৰ পুৱা পতাকা উত্তোলনৰে আৰম্ভ হয় সমুহ কাৰ্যসূচীৰ। পতাকা উত্তোলন কৰে বৰলুইতৰ ইপাৰ সিপাৰৰ মুখ্য প্ৰসাশিকা মণি দেৱীয়ে।উক্ত অনুষ্ঠানতে “বৰলুইতৰ ইপাৰ সিপাৰ” নামৰ এখনি আলোচনী আৰু এটি গীতৰো শুভ উদ্ধোধন কৰা হয়। অনুষ্ঠানত সুদুৰ ঝাৰখণ্ডৰ লগতে শদিয়াৰ পৰা ধুবুৰী লৈকে থকা বৰলুইতৰ ইপাৰ সিপাৰৰ সদস্য সকলে সতীৰ্থ সন্মিলনত অংশ গ্ৰহণ কৰাৰ লগতে মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰে। ইয়াৰ পিছত বিভিন্ন সময়ত গ্ৰুপত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতা সমূহৰ বটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়।নিশালৈ বৰলুইতৰ ইপাৰ সিপাৰৰ সদস্য সকলৰ লগতে নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতৰ অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিশিষ্ট অতিথি হিচাপে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অংশ গ্ৰহণ কৰিব বুলি বৰলুইতৰ ইপাৰ সিপাৰৰ বিষয় ববীয়া সকলে জানিবলৈ দিছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.