জামুগুৰিহাটৰ গোৱাল গাঁৱত এটা আঘাতপ্ৰাপ্ত দুস্প্ৰাপ্য চিলনী চৰাই উদ্ধাৰ

0 162

জামুগুৰিহাটৰ গোৱাল গাওঁ নিৱাসী লোক শিল্পী তথা প্ৰকৃতিপ্ৰেমী বাণীকান্ত দাসে এটা দুস্প্ৰাপ্য চিলনী চৰাই আহত অৱস্থাত পথৰ কাষৰ পৰা ধৰি আজি ডিপলোঙা আঞ্চলিক বন বিভাগক গটাই দিয়ে ৷ সচৰাচৰ চকুত নপৰা এই দুস্প্ৰাপ্য চিলনীটোৰ কোনে কেনেকৈ ডেউকা ভাঙিলে সেই কথা জনা নেযায় যদিও শিল্পী তথা প্ৰকৃতিপ্ৰেমী বাণীকান্ত দাসে চৰাইটোৰ প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰি দিপলোঙা বনাঞ্চলিক কাৰ্যালয়ক অবগত কৰে৷আজি সন্ধ্যা দিপলোঙা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী সকলে আহত দুস্প্ৰাপ্য চৰাইটো উদ্ধাৰ কৰে কৰাৰ লগতে ধলাইবিল পশু চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰি নামেৰী বনাঞ্চল বা কাজিৰঙা ষষ্ঠ সংযোজন পানপুৰত মুকলি কৰি দিয়াৰ বিষয়ে জানিবলৈ দিয়ে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.