জামুগুৰিহাটৰ বৰদিকৰাই মিৰি গাঁৱত পঞ্চদশ বিত্তীয় আয়োগ ২০২০-২১ বৰ্ষৰ অধীনত মমতা কীৰ্তন গৃহৰ শুভাৰাম্ভ

0 178

চতিয়া সমষ্টিৰ অন্তৰ্গত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বৰদিকৰাই মিৰি গাঁৱৰ বালিচাপৰি অঞ্চলত পঞ্চদশ বিত্তীয় আয়োগ ২০২০-২১ বৰ্ষৰ অধীনত আঢ়ৈ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা মমতা কীৰ্তন গৃহৰ পুৱাই ৰঙা ফিটা কাটি শুভাৰাম্ভ কৰে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েংঙে । শুভাৰাম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েংঙে কয় যে – দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ বাবেই আৰু ভৰলী কোঁৱৰ উপাধিৰে বিভূষিত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ পদক্ষেপৰ বাবে বহু পিছপৰা অঞ্চলত এনেধৰণৰ উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰাৰ সুযোগ পাইছো । ৰাইজৰ প্ৰতিশ্ৰুতিৰে সদায় কাম কৰি যোৱাৰ লক্ষ্য হাতত লৈ ৰাইজৰ হকে কাম কৰি যাম । শুভাৰাম্ভ অনুষ্ঠানত পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে ৱাৰ্ডৰ সদস্য সদস্যা সকল উপস্থিত থাকে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই ।

Leave A Reply

Your email address will not be published.