আৰ্ন্তজাতিক স্তৰত শঙ্কৰী সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ বাবে কাম কৰি অহা সংস্থা ছচাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশনখন আজি নগাঁৱৰ খুটিকটিয়াস্থিত ডি আৰ টি হলত সংস্থাৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । শিল্পী কাকলি শইকীয়াই এটি বৰগীতেৰে আৰম্ভ কৰা উক্ত সভাখনত চ’চাইটিৰ সম্পাদক মৃদু মৌচম বৰাই বিগত বৰ্ষ সমূহৰ প্ৰতিবেদন পাঠ কৰাৰ লগতে চ’চাইটিয়ে বিগত সময়ছোৱাত গুৰুজনাৰ সৃষ্টি ৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গ্ৰহণ কৰা স্থায়ী কৰ্মৰাজিৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়।তদুপৰি বিগত দুটা বৰ্ষত চ’চাইটিয়ে ইকমচ আৰু ডেলফিক কাউন্সিলৰ সহযোগত অনুষ্ঠিত কৰা ৱেবিনাৰ সমূহৰ বিষয়েও অৱগত কৰে।আনহাতে ব্ৰজাৱলী ভাষা আৰু সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণৰ বিষয়ে চ’চাইটিয়ে অনুষ্ঠিত কৰা কৰ্মশালা সমূহে কিদৰে সাফল্য লাভ কৰিছিল সেই বিষয়েও বিতংভাবে জনায়।আজিৰ সভাত পুৰণি কমিটি ভঙ্গ কৰি আগন্তক তিনি বছৰীয়া কাৰ্যকালৰ বাবে ড° সঞ্জীৱ কুমাৰ বৰকাকতীক সভাপতি, মৃদু মৌচম বৰাক সম্পাদক, প্ৰদীপ হাজৰিকাক সমন্বয়ক, জোন ৰাজখোৱাক কোষাধ্যক্ষ, ড°বুলজিৎ বুঢ়াগোহাঁইক প্ৰচাৰ সম্পাদক, ৰাজু বৰুৱাক সহকাৰী প্ৰচাৰ সম্পাদক আৰু পাপু দাসক সহকাৰী সাধাৰণ সম্পাদক হিচাপে বাচনি কৰি ২১জনীয়া সমিটিখন পুনৰ গঠন কৰা হয়।আনহাতে আগন্তক বৰ্ষত চ’চাইটিয়ে মহাবিদ্যালয় সমূহৰ সৈতে যুটীয়াভাবে শঙ্কৰী সাহিত্য সংস্কৃতিৰ বিষয়ে কেতবোৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।আজিৰ সভাত ড° সঙ্গীতা বৰা, ইন্দ্ৰনীল গায়ন, ড° মধুচন্দা চলিহা, অমিতাভ বৰা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট শিক্ষাবিদ, লেখক,সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে।এই সভাতেই কেইবাগৰাকীয়েও চ’চাইটিৰ আজীৱন সদস্যপদ গ্ৰহণ কৰে।
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ