ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ মাই ভাৰত – নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে অনুষ্ঠিত কৰা পূৰ্ব প্ৰধানমন্ত্ৰী পদ্মবিভূষণ বিজয়ী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী আৰু সু-শাসন দিৱসৰ অংশ হিচাপে মৰিগাঁও জিলাৰ নেহেৰু যুৱ কেন্দ্ৰই দমাল বেতনি মানৱ কল্যাণ এন জি অৰ সহযোগিতা বেতনি জোনাকী যুৱক সংঘৰ কাৰ্যালয়ত পূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ তম জন্মদিৱসৰ লগত সংগতি ৰাখি ‘সু-শাসন দিৱস ‘ উদযাপন কৰা হয়। বিশিষ্ট সমাজসেৱক প্ৰদীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰত বাজপেয়ীদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে বিজয়লক্ষ্মী সংঘৰ প্ৰাক্তন সম্পাদক গণেশ ৰাজকুমাৰে । নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে অটল বিহাৰী বাজপেয়ীৰ জীৱন দৰ্শনৰ লগতে পূৰ্ব প্ৰধানমন্ত্ৰী গৰাকীৰ সু-শাসনৰ বহুকেইটা উল্লেখনীয় দিশ বিশ্লেষণ কৰি উপস্থিত সকলোকে আপ্লুত কৰে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য খগেন বৰদলৈয়ে মনোগ্ৰাহী বক্তৃতাৰে বাজপেয়ীদেৱৰ শাসন কালত দেশৰ উন্নয়নৰ আঁচনি আৰু বিশ্ব দৰবাৰত ভাৰতবৰ্ষক আগবঢ়ায় লৈ যোৱাৰ দিশৰ কথা বিশ্লেষণ কৰে । দমাল বেতনি মানৱ কল্যাণ এন জি অৰ সম্পাদক তুতু ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমাজ সংগঠক শিৱকান্ত ডেকা, বেতনি জোনাকী যুৱক সংঘৰ সভাপতি শৰৎ ডেকা আৰু প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ সহকাৰী প্ৰধান সম্পাদক পাৰ্থ প্ৰতিম গৌতম উপস্থিত থাকে ।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ