জামুগুৰিহাটৰ হাটিঙাৰ অংগনবাড়ী সহায়িকাক দেশৰ শ্ৰেষ্ঠ সমাজ সেৱকৰ সন্মান আমেৰিকাৰ চেনফৰ্ড ইউনিভাৰচিটিৰ প্ৰবক্তাৰ

0 511

জামুগুৰিহাটৰ হাটিঙাৰ অংগনবাড়ী সহায়িকা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ হাটিঙা ধুবিখোলাৰ এগৰাকী অংগনবাড়ী সহায়িকাক আমেৰিকাৰ চেনফঅৰড ইউনিভাৰচিটিৰ এটি প্ৰবক্তাৰ দলে দেশৰ শ্ৰেষ্ঠ সমাজ সেৱকৰ স্বীকৃতি প্ৰদান কৰাক লৈ উৎফুল্লিত জামুগুৰিহাটৰ সচেতন মহল ৷ আজি আমেৰিকাৰ চেনফৰ্ড ইউনিভাৰচিটিৰ প্ৰবক্তা মাৰ্গ বেলংৰ দলটো তেজপুৰস্থিত ERC চিকিৎসালয়ৰ এটি চিকিৎসকৰ দলৰ লগত আহি ইলা দেৱী নামৰ সহায়িকাগৰাকীক হাটিঙাৰ তেওঁৰ বাসভৱনত আহি দেশৰ শ্ৰেষ্ঠ সমাজসেৱীৰ উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে ইলা দেৱীয়ে আংগনাবাদী সহায়িকাৰ কাম কৰাৰ উপৰিও আজৰি সময়ত তেজপুৰ ERC চিকিৎসালয়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ দুখীয়া দৰিদ্ৰ ৰাইজক বিনামূলীয়া চকু চিকিৎসা সেৱা আগবঢ়ায় আহিছে৷ERC য়ে আগবঢ়োৱা চকু চিকিৎসা সেৱাত নিজকে নিয়োগ কৰি দুখীয়া দৰিদ্ৰ ৰাইজক কৰি অহা সেৱাৰ বাৱে আজি তেওঁক এই বিৰল সন্মান প্ৰদান কৰা বুলি মন্তৱ্য কৰে অঞ্চলটোৰ সচেতন মহলে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.