জালুকবাৰীৰ আয়ুৰ্বেদিক চিকিৎসালয়ক যুদ্ধ কালীন ক্ষিপ্ৰতাৰে ক’ভিড হস্পিতাললৈ ৰূপান্তৰিত কৰিছে

0 274

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যাই ছয়শৰ ঘৰ অতিক্ৰম কৰাৰ মুহুৰ্তত ৰাজ্যজুৰি স্বাস্থ্য বিভাগে ক’ভিড আক্ৰান্ত লোকৰ বাবে চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। শেহতীয়াভাৱে অসমৰ প্ৰথমখন আয়ুৰ্বেদিক চিকিৎসা শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হস্পিতালত ক’ভিড হস্পিতাললৈ ৰূপান্তৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
 
আনকি বিগত তিনি চাৰিদিন ধৰি ৰাজ্য চৰকাৰৰ গড়কাপ্তানী(গৃহ) বিভাগে চিকিৎসালয় খনৰ অনাময় ব্যৱস্থা, বাট পথ, কোঠা আদিৰ মেৰামতিৰ কাম কৰি আছে। স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া সকলে মাজে সময়ে আহি মেৰামতি কাৰ্যৰ তদাৰক কৰি থকা পৰিলক্ষিত হৈছে।
 
আনকি মঙলবাৰে পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু চিকিৎসালয় খনৰ গৱৰ্ণিং বডিৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিয়লি চিকিৎসালয়ৰ চৌহদত উপস্থিত হৈ প্ৰস্তাৱিত ক’ভিড চিকিৎসালয় খনৰ বুজ লয়। বিধায়ক গৰাকীয়ে উক্ত চিকিৎসালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ বিষ্ণুপ্ৰসাদ শৰ্মাকে ধৰি আন আন চিকিৎসক সকলৰ সৈতে মত বিনিময় কৰে।
 
বিশেষকৈ এশ গৰাকী ৰোগী থাকিব পৰা হস্পিতাল খনত যিহেতু চৰকাৰে পহিলা জুনৰ পৰা ক’ভিড আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰিব তাৰ আগতেই যাতে যাৱতীয় কাম কাজ সমুহ সম্পন্ন হয় তাৰ প্ৰতি আহ্বান জনায় বিধায়ক গৰাকীয়ে। আনহাতে বাধায়ক গৰাকীয়ে হস্পিতাল খনৰ নিৰাপত্তাজনিত দিশটোৰ ওপৰতো আলোচনা কৰে।

Leave A Reply

Your email address will not be published.