জি আই এম টিত ৰাজ্যিক ৰচনা প্ৰতিযোগিতা সম্পন্ন

0 256

তেজপুৰ স্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট্ অফ মেনেজমেণ্ট এণ্ড টেকনলজীৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক ভিত্তিক ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ প্ৰদান কৰা হয় । প্ৰতিষ্ঠান খনৰ চায়েঞ্চ এণ্ড টেকনলজি ক্লাৱৰ উদ্যোগত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ মূল বিষয় আছিল “ৰাষ্ট্রীয় প্ৰগতিৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ভূমিকা” । ৩০জনৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে Shrimanta Shankar Academy Senior Secondary School , Dispur ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৰিচিকা শইকীয়াই । দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে Govt Higher Secondary School, North Lakhimpur ৰ দশম শ্ৰেণীৰ ছাত্র বিচিত্ৰ বিক্ৰম হাজৰিকা আৰু Dimension Acamemy Junior College, তেজপুৰৰ একাদশ শ্রেণীৰ ছাত্ৰ আব্দুল ফজিল । ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত স্থান লাভ কৰা প্ৰতিযোগী সকলক নগদ ধনৰ লগতে প্ৰমাণ পত্ৰ সমূহ প্ৰদান কৰে প্ৰতিষ্ঠান খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বুলজিৎ বুঢ়াগোহাঁই আৰু ডীন (প্ৰশাসনিক) কেপ্টেইন মুকুল চন্দ্ৰ দাসে । আনহাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী প্ৰতিযোগী লৈ অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ সমূহ নিজ নিজ বিদ্যালয়-মহাবিদ্যালয়লৈ ডাক যোগে প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিছে জি আই এম টি, তেজপুৰৰ ছায়েন্স এণ্ড টেকনলজী ক্লাৱৰ সমন্বয়ক ডঃ স্তুতি চক্ৰৱৰ্তীয়ে।

Leave A Reply

Your email address will not be published.