জুঁইৰ কিৰণেৰে স্বাস্থ্যমন্ত্ৰীৰ প্ৰতিছবি অংকন কৰিলে

0 276

এয়া এক প্ৰকৃত যুঁজাৰুক সন্মান। ক’ভিড ১৯ বাবে সমগ্ৰ বিশ্বৰ জনজীৱন স্তব্ধ কৰি তোলাৰ সময়তে অসমৰ স্বাস্থ্যমন্ত্ৰীক জুঁইৰ কিৰণেৰে অংকন কৰি চৰ্চালৈ আহিছে এজন যুৱক। যুৱকজনৰ নাম মনজিৎ কাশ্যপ। তিনিচুকীয়া জিলাৰ মাকুমৰ এই যুৱকজন  পেছাত এগৰাকী ঠিকাভিত্তিক শিক্ষক।
 
তেওঁ দুলীয়াজানৰ অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ত ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্মৰত হৈ আছে । একুৰা জলন্ত জুই আৰু তাৰ পৰা ওলোৱা এঙাৰেৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি অংকন কৰি সম্প্ৰতি চৰ্চালৈ আহিছে।
 
 
ক’ৰণাই সৃষ্টি কৰা এই ভয়ংকৰ তথা সবাতোকৈ বিপদজ্জনক পৰিস্থিতিৰ মাজতো মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে  কৰ্মত ২৪ঘণ্টাই ব্ৰতী হৈ আছিল,  তেখেতৰ কৰ্মৰ প্ৰতি সন্মান জনাই  মনজিৎ কাশ্যপে জলন্ত জুইৰ কিৰণেৰে প্ৰতিছবি  অংকন কৰিলে।
 
 
ইফালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি অংকন কৰি থকা সময়ৰ ভিডিঅ’ টুইটাৰত দিয়াৰ পিছতেই যুৱক মনজিৎ কাশ্যপক টুইটাৰৰ জৰিয়তেই ধন্যবাদ জনালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
 
 
উল্লেখযোগ্য যে  যুৱক মনজিৎ কাশ্যপে বিগত২০১২ বৰ্ষত এটা পাতিহাঁহৰ কণীত ১৬১৫গৰাকী মনীষীৰ চিত্ৰাংকন কৰি বিশ্বাভিলেখ গঢ়ি তুলিছিল। ইয়াৰ উপৰিও এটা চাউলতে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো লিখাৰ লগতে এটা চাউলতে জাতিৰ পিতা মহাত্মা গান্ধীৰ ২৬খনকৈ চিত্ৰাংকন কৰি আন এক বিশ্বাভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।
ইয়াৰ লগতে বিগত বৰ্ষত ১৪টাকৈ চাউলত ১৪গৰাকী ৰাষ্ট্ৰপতিৰ চিত্ৰাংকন কৰিছিল এই যুৱক জনে।

Leave A Reply

Your email address will not be published.