টপচেম চিমেণ্টৰ ৰঙালী বিহুৰ উদযাপন

0 207

টপচেম চিমেন্টে টপচেম ৰঙালী বিহু উদযাপন ২০২২ শীৰ্ষক এক অনুষ্ঠান আয়োজনেৰে বৃদ্ধাশ্ৰম,শিশু গৃহ আৰু বিভিন্ন প্ৰতিষ্ঠানেৰে বিশেষ ভাৱে সক্ষম শিশুৰ সৈতে ব’হাগ বিহুৰ উদযাপন কৰিবলৈ লৈছে।বসন্তৰ আগমনৰ উমান দিয়া ব’হাগ বিহু এক জনপ্ৰিয় আনন্দৰ উৎসৱ যাক ৰঙালী বিহু বুলিও জনা যায়।এই সময়ৰ লগত সংগতি ৰাখি এই বছৰো টপচেম চিমেন্টে ব’হাগ বিহুৰ উল্লাস বঢ়াবলৈ নিজকে সাজু কৰিছে।তেওঁলোকে বৃদ্ধাশ্ৰম, শিশু গৃহৰ শিশু আৰু বিভিন্ন প্ৰতিষ্ঠানৰ বিশেষ ভাৱে সক্ষম শিশুৰ সৈতে বাৰ্ষিক ব’হাগ বিহু উদযাপনৰ কাৰ্যসূচী হাতত লৈছে।

এই সন্দৰ্ভত সবিশেষ ব্যাখ্যা আগবঢ়াই মেঘালয় চিমেণ্ট লিমিটেড চেলছ এণ্ড মাৰ্কেটিংৰ অধ্যক্ষ ড° অনিল কাপুৰে কয় টপচেম সমাজৰ বিকাশৰ বাবে সদায় বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে আৰু অদূৰ ভৱিষ্যতে এনে কাম অব্যাহত ৰাখিব।বিশেষ ভাৱে সক্ষম শিশু,বৃদ্ধাশ্ৰম, শিশু গৃহবোৰৰ আবাসী সকল সদায় টপচেম চিমেণ্টৰ বিভিন্ন কাৰ্যকলাপ এক মূল্যবান অংশ হৈ আহিছে।তেওঁলোকৰ সৈতে ৰঙালী বিহু উদযাপন কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।টপচেম ৰঙালী বিহু উদযাপনৰ আৰম্ভণি ৮ এপ্ৰিলৰ পৰা হৈছে,অৰ্থাৎ আজি ইয়াৰ লগতে সংগতি ৰাখি প্ৰমোদ তালুকদাৰে মেম’ৰিয়েল এজ সোমত বিহু উদযাপন কৰা হয়।য’ত তাৰ আবাসী সকলৰ মাজত উপহাৰ, বিহুৰ সুস্বাদু খাদ্য পিঠা,লাৰু ইত্যাদি বিতৰণ কৰা হয়।লগতে বিহ নৃত্যও পৰিৱেশন কৰা হয়।একে ধৰণৰ কাৰ্যকলাপ হ’ব গুৱাহাটীৰ শিশু সাৰথি,গুৱাহাটীৰ অ’ময়া চলিহালয় ল’ৰাৰ বাবে মুকলি আশ্ৰয়,গুৱাহাটীৰ আমাৰ ঘৰ,সোণাপুৰৰ সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰম, গুৱাহাটী কল্যাণী নিবাস কন্যা শিশু গৃহ ,গুৱাহাটীৰ চেনেহ আৰু আশাদীপ পূৰ্ণসংস্থাপন কেন্দ্ৰত।চাৰিদিনিয়া এই কাৰ্যসূচীৰ অংশ ৰূপে কামৰূপ মহানগৰ আৰু কামৰূপত ব’হাগ বিহু উদযাপন কৰা হ’ব।

নিয়মীয়া বাৰ্ষিক কাৰ্যকলাপ সৈতে টপচেম চিমেণ্ট এই বছৰ আৰু এটা কাৰ্যকলাপ যোগ দিছে,যাৰ থীম হৈছে Flower plants for the old age homes , child care homes – Enhancing the lives of senors and inmates.এই উদ্যোগৰ অধীনত টপচেম চিমেণ্ট অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানবোৰত ফুলৰ ক্ষেত্ৰ এটা বিকশিত কৰাৰ বাবে ফুলৰ পাত্ৰ দান কৰাৰ পদক্ষেপ লৈছে।ইয়াৰ কাৰণে ফুলৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিব আৰু জীৱনলৈ ধৈৰ্য্য আৰু প্ৰফুল্লতা আনিব।ফুলে মেজাজ বৃদ্ধি কৰাত সহায় কৰে আৰু হতাশাৰ লগতে নিম্ন স্তৰৰ উদ্যোগৰ সৈতে যুজঁ দিয়াত সহায় কৰে।বিহুৰ কাৰ্যকলাপেৰে ১২ এপ্ৰিল তাৰিখে সমাপ্ত হ’ব।২০১০ চনৰ পৰা প্ৰতি বছৰে টপচেম চিমেণ্ট বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম,মানসিক স্বাস্থ্য গৃহ আৰু বিশেষ ভাৱে সক্ষম শিশুৰ মাজত ব’হাগ বিহু উৎসৱৰ আনন্দ বিলাই আহিছে।

Leave A Reply

Your email address will not be published.