বৰ্তমান বিশ্বৰ এটি জনপ্ৰিয় এপ টিক টক, আৰু এই টিক টক প্ৰায় সকলোৱে মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰে । কিন্তু এই টিক টকতেই ভাইৰেল হোৱা মাত্ৰ ১৫ চেকেণ্ডৰ এটা বিশেষ ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিলে গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰক । ল’ৰাজনৰ নাম হ’ল বিশ্বজিত ৰায় । ঘৰ গোলকগঞ্জৰ হালাকুৰা জিনকাটাত অৱস্থিত। ল’ৰাজনৰ ঘৰৰ ৰাস্তাটো একেবাৰেই বেয়া। সেয়ে টিক টকৰ ভিডিঅ’টোৰ জৰিয়তে ল’ৰাজনে বিধায়ক গৰাকীৰ এখন ফটো কেলেণ্ডাৰত ৰাজবংশী ভাষাত বিধায়ক গৰাকীক উল্লেখ কৰি কয় যে ” কাকু আমাৰ ৰাস্তাটা দয়া কৰি ঠিক কৰি দেন চলা ফিৰা খুব কঠিন হওয়া গেইছে এই দেখো ৰাস্তাটাত ধূলায় ধূলা “। আৰু এই বিশেষ ভিডিঅ’টো ছচিয়াল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই মাত্ৰ ৮ ঘণ্টাৰ ভিতৰতেই বিধায়ক গৰাকীয়ে ল’ৰাজনক লগ ধৰি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা কৰি অচিৰেই ৰাস্তাটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ।আনকি সমষ্টিৰ হকে ল’ৰাজনৰ এই ইতিবাচক চিন্তাক শলাগ জনাই উজ্জল ভৱিষ্যত কামনা কৰে বিধায়ক গৰাকীয়ে ।খবৰ যুগুতালে গোলকগঞ্জৰ পৰা দীপ মহন্তই..
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন