টীয়কৰ এজাৰগুৰিৰ সমন্বয় গোটে আদৰ্শ দেখুৱাইছে

0 279

ক’ৰণা বিভীষিকাৰ মাজতে ৰাজ্যৰ চাৰিওফালে বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া কৃষক শ্ৰেণী ৰাইজক । চাহ কৃষকৰ পথাৰ খন সেউজীয়া কৰাৰ সপোন যেন এতিয়া থানবান হৈ পৰিছে।
 
 
শাওণ মাহৰ শেষৰ ফালে ৩ / ৪ বাৰতকৈ অধিক কঠীয়া পৰা পিছতো বাৰে বাৰে আজি পানীৰ তলত কৃষক সকলৰ মাটি । ওখ স্থান বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে চহা কৃষক সকলে । তেনেতে নৈপৰীয়া এজাৰগুৰি অঞ্চলৰ অন্যতম সামাজিক অনুষ্ঠান সমন্বয় গোটৰ সদস্যসকলে বৃহত্তৰ এজাৰগুৰি,জাজীমুখ,কাৱৈমাৰী আদি অঞ্চলৰ বান বিধ্বস্ত কৃষকৰ সহায় হোৱাকৈ চৈমাৰী ধানৰ বীজ সিচি ৰাইজৰ বাবে কঠিয়া প্ৰস্তুতত ব্যস্ত হৈ পৰিছে।
 
গোটটোৰ এই পদক্ষেপক অগপৰ যোৰহাট জিলাৰ সম্পাদক বিকাশ শইকীয়া,পূব টীয়ক গাঁও পঞ্চায়ৰ সভানেত্ৰী ৰুমী বৰাকে ধৰি অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক ব্যক্তিয়ে সহযোগিতা আগবঢ়োৱাৰ লগতে সকলোৱে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.