ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰণালয়ৰ অধীনৰ গুৱাহাটীৰ লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান চমুকৈ আই আই ইয়ে প্ৰধান মন্ত্ৰী বন ধন যোজনা আঁচনিৰ অধীনত জনজাতি সকলৰ আৰ্থ সামাজিক বিকাশৰ লক্ষৰে তেওঁলোকৰ সকলো ধৰণৰ উৎপাদিত সামগ্ৰী সমূহে যাতে বজাৰ লাভ কৰে তাৰ বাবে কাম কৰি আহিছে । বিশেষকৈ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ বিশেষ পৃষ্ঠপোষকতাত আই আই ইয়ে ট্ৰাইচেম নামৰ ব্ৰেণ্ডৰ জৰিয়তে ২০২০ চনৰ পৰা এই পৰ্যন্ত প্ৰধান মন্ত্ৰী বন ধন যোজনাৰ অধীনত প্ৰায় ৩০ টা মান আত্মসহায়ক গোটৰ ৩০০ নিৰ্বাচিত জনজাতি হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰিছে । তেনেদৰে তেওঁলোকৰ উৎপাদিত জৈৱিক কৃষিজাত সামগ্ৰী আৰু হস্ততাঁত সামগ্ৰীৰ বিক্ৰীৰ সুবিধাৰ বাবে জনজাতি বসতি প্ৰধান অঞ্চলত বিপনী স্থাপন কৰি আহিছে । ইয়াৰ অংশ হিচাপে আজি গুৱাহাটীৰ কাষৰীয়া দীপৰ বিলৰ গাতে লগা চকৰদৌ কলিতাপাৰাত গড়চুক – আজাৰা সংযোগী পথৰ দাঁতিত উদ্যমী যুৱক তথা দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্রমোদ কলিতাৰ উদ্যোগত ট্ৰাইচেমৰ এখন বিপনী মুকলি কৰা হয় । মাংগলিক কাৰ্যৰ মাজেৰে বিপনীখন মুকলি কৰে জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ অন্তৰ্গত ট্ৰাইফেডৰ ক্ষেত্ৰীয় প্ৰবন্ধক এ ডি মিশ্ৰই। এই উপলক্ষে আই আই ই গুৱাহাটীৰ সঞ্চালক ডঃ ললিত শৰ্মাই আঁত ধৰা চমু অনুষ্ঠানত এ ডি মিশ্ৰই প্ৰধান মন্ত্ৰী বন ধন যোজনা আঁচনি খনৰ বিশদ বাখ্যা দাঙি ধৰে আৰু নতুনকৈ মুকলি কৰা ট্ৰাইচেমৰ বিপনীখনৰ জৰিয়তে হিতাধিকাৰীয়ে উৎপাদন কৰা সামগ্ৰী সমূহে গ্ৰাহক ৰাইজৰ মন জয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ।অনুষ্ঠানত অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদ চমুকৈ এ পি টি ডি চিৰ পৰিচালন সঞ্চালক আৰ মালাকাৰে ভাগ লৈ উদ্যমী যুৱক প্ৰমোদ কলিতাৰ শলাগ লয় আৰু আঁচনি সমূহৰ ইতিবাচক দিশ সমূহৰ আলোকপাত কৰে । অনুষ্ঠানত প্ৰধান মন্ত্ৰী বন ধন যোজনাৰ অধীনত আই আই ই গুৱাহাটীত প্ৰশিক্ষণ লাভ কৰা কেবাগৰাকী হিতাধিকাৰী উপস্থিত থাকে।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme