ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ অধীনত পাৱাৰ টিলা,সাহাৰ্য্য সামগ্ৰী বিতৰণ

0 297

তিতাবৰৰ ধলী অঞ্চলৰ ঠেঙাল কছাৰী স্বায়ত্ত্ব পৰিষদৰ অধীনৰ ৭টা সমষ্টিৰ সমূহ কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণৰ লগতে আৰ্থিক সাহাৰ্য্য বিতৰণ কৰে। অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী আৰু কাৰ্যবাহী সদস্য বিপুল কছাৰী। অনুষ্ঠানৰ মাজতে পৰিষদত নতুনকৈ ৭গৰাকীকৈ কৰ্মচাৰীক নিযুক্তি দিয়া হয়।
 
 
যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে ১০০গৰাকীক ৫০শতাংশৰ ৰেহাই দি পাৱাৰ টিলাৰ তথা ট্ৰেক্টৰ প্ৰদান কৰে। সৰ্বমুঠ ২৪০টা সাংস্কৃতিক কেন্দ্ৰলৈ আৰ্থিক অনুদান প্ৰদান কৰে। প্ৰায় ১৫০০গৰাকীকৈ দিব্যাংগলৈ দুহেজাৰকৈ আৰ্থিক সাহাৰ্য্য দিয়ে।

Leave A Reply

Your email address will not be published.