ডিব্ৰুগড়ত অৰণ্য মানৱ যাদৱ পায়েং: শিক্ষাভেলীৰ ছাত্র-ছাত্ৰী সৈতে বিশেষ মতবিনিময়

0 177

ডিব্ৰুগড়ত অৰণ্য মানৱ যাদৱ পায়েং। ডিজিটেল ফৰেষ্ট গঠনৰ ঘোৰ বিৰোধিতা কৰিছে অৰণ্য মানৱ গৰাকীয়ে। তেখেতে কয় যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত এতিয়া ডিজিটেল ফৰেষ্টৰ চিন্তাধাৰা বৃদ্ধি হৈছে। ডুবাই আদি দেশত ইয়াৰ কামকাজ আৰম্ভও হৈছে।যি ধাৰণা এতিয়া ভাৰতবৰ্ষতো আনিবলৈ চেষ্টা কৰা হৈছে। যিটো অৰণ্য মানৱ গৰাকীয়ে বিৰোধিতা কৰিছে। ডিব্ৰুগড়ৰ শিক্ষা ভেলি স্কুলত অনুষ্ঠিত কৰা “চে’ভ চয়েল” শীর্ষক এক
অনুষ্ঠানত মুখ্যঅতিথি ৰূপে উপস্থিত থাকি অৰণ্য মানৱ যাদৱ পায়েঙে এই মন্তব্য কৰে।তেওঁ কয় যে অৰণ্য কেতিয়াও ডিজিটেলি হব নোৱাৰে। অৰণ্য প্রাকৃতিকেই হব লাগিব।অন্যথা অৰণ্যৰ মূল উদ্দেশ্য অক্সিজেন যোগানৰ ক্ষেত্ৰত ই কেতিয়াও সফল নহব। নৱ প্ৰজন্মক তেও বৃক্ষ ৰূপায়ণৰ ক্ষেত্ৰত আগ্রহী হবলৈ আহ্বান জনায় কয় যে, মাথোঁ বিশ্ব পৰিবেশ দিৱসৰ দিনাই কিয় গছপুলি ৰূপনৰ পৰম্পৰা হব লাগে, গোটেই বছৰতেই বৃক্ষ ৰোপন কৰিব পাৰে। সৰু কালৰ পৰাই ইয়াৰ অভ্যাস কৰিলেহে পৃথিৱীখন সেউজীয়া হৈ থাকিব বুলি তেওঁ কয়। ইফালে তেওঁৰ জীৱনকলৈ লিখা “The boy who grow a forest” শীৰ্ষক গ্ৰন্থ খনৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে এই গ্রন্থখনে বিশেষকৈ শিশু সকলক অৰণ্য আৰু গছ গছনিৰ প্ৰতি বিশেষভাবে আকৰ্ষিত কৰিব৷ আমেৰিকাৰ এগৰাকী লেখিকাই যাদৱ পায়েঙৰ জীৱন-কৰ্মৰ সন্দৰ্ভত লিখি উলিওৱা এখন গ্ৰন্থই সমগ্ৰ বিশ্বত সমাদৰ লাভ কৰা লগতে ইতিমধ্যে বিভিন্ন বটাঁ লাভ কৰাত আনন্দ প্রকাশ কৰে অৰণ্য মানৱগৰাকীয়ে। আনহাতে তেওঁ কয় যে, আমেৰিকাত গ্ৰন্থৰ জৰিয়তে প্ৰকৃতি ৰক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক আকৰ্ষিত কৰিলেই নহব, সঁচা অৰ্থত প্রকৃতিক ভাল পাবলৈ শিকিব লাগিব বুলি কয়।আনহাতে তেওঁ বিশ্বত সমাদৰ লাভ কৰা গ্ৰন্থ খনৰ লেখিকা Sophia Gholz অসমলৈ আহিব বুলি কোৱাৰ লগতে তেওঁ আমেৰিকালৈ লেখিকা গৰাকীৰ সৈতে যোৱাৰ লগতে আমেৰিকাতো ডিজিটেল ফৰেষ্ট বিৰুদ্ধে সজাগতা অনাৰ চেষ্টা কৰিব বুলি কয়।তেওঁ লগতে উক্ত গ্ৰন্থৰ বিভিন্ন ভাষালৈ অনুবাদ হোৱা বিষয়ে জানিবলৈ দি অসমীয়া ভাষালৈও অনুবাদ কৰাৰ আশা কৰে। ডিব্ৰুগড়ৰ শৈক্ষিক ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সংযোজন ঘটোৱা “শিক্ষাভেলী”ৰ ছাত্ৰ-ছাত্রী সৈতে মতবিনিময় কৰা লগতে বিদ্যালয় চৌহদত গছ পুলি ৰূপন কৰে অৰণ্য মানৱ গৰাকীয়ে৷ কাৰ্যসূচীত “শিক্ষাভেলী”ৰ পৰিচালন সঞ্চালক তথা সমাজকর্মী পুলিন চন্দ্ৰ গগৈ, সঞ্চালক এছ পি সুৰেছ, বচন্ত আগৰৱালা আদি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.