ঢকুৱাখনাত ত্ৰিবেণী মণ্ডল সংগঠনৰ  প্ৰতিষ্ঠা দিৱস পালন

0 246

গাঁও অঞ্চল মহিলা সকল  এখন প্ৰগতিশীল সুস্থ গণতান্ত্ৰিক সমাজ গঠনৰ অফুৰন্ত শক্তিৰ ভাণ্ডাৰ । ভাষা ধৰ্ম ,বৰ্ণ নিৰ্বিশেষে এই অফুৰন্ত শক্তি সম্পন্ন মহিলা সমাজ  সুসংগঠিত আৰু একত্ৰিত হৈ পৰিকল্পিত কৰ্ম আঁচনি গ্ৰহণ আৰু ৰূপায়ন হ`লে এখন স্থিতাৱস্থামুখী সমাজক সংস্কাৰী, উন্নয়নমুখী আৰু আত্মনিৰ্ভৰশীল সমাজলৈ উন্নীত হোৱাটো নিশ্চিত।
ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱন জীৱিকা  অভিযানৰ অন্তৰ্গত ত্ৰিবেণী মণ্ডল সংগঠনৰ দেওবাৰে তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত এই মন্তব্য কৰে লাইপুলিয়া এম ভি স্কুলৰ সহকাৰী শিক্ষক গোবিন কলিতাই। জীয়মৰীয়া গাঁওৰ ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত দেওবাৰে দিনজোৰাকৈ অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ সঞ্চালনা কৰে  সংগঠনৰ সভানেত্ৰী মনোৰমা কোঁৱৰে। উন্নয়ন খণ্ডটোৰ উত্তৰ ঢকুৱাখনা, শিঙিয়া আৰু ধেনুখনা বাটমাৰী পঞ্চায়তকলৈ গঠিত ত্ৰিবেণী মণ্ডল সংগঠনৰ অন্তৰ্গত ১৯ টা গ্ৰাম্য গোটৰ শতাধিক মহিলা সদস্যৰ লগতে জীৱিকা সখী ,বেংক মিত্ৰই অংশ গ্ৰহন কৰা মুকলি সভাত  মহিলা সকলে শিক্ষিত হৈ জনজাগৰণ সৃষ্টি কৰি  সমাজৰ পৰা অন্ধবিশ্বাস,
কুসংস্কাৰ আঁতৰাই  সমাজ ব্যৱস্থাক উত্তৰণ আৰু উন্নয়নৰ দিশত আগুৱাই নিয়াৰ উপৰিও নব প্ৰজন্মক সঠিক আৰু শুদ্ধ পথেৰে আগুৱাই নিয়াৰ দায়িত্ব অৰ্পিত বুলি  মন্তব্য কৰে শিক্ষক কলিতাই।  গ্ৰাম্য সংগঠনৰ জোনবিৰি গোটৰ জুন চিৰিং, সুৰুযমুখী গোটৰ ৰশ্মি বৰুৱা , অংকুৰ গোটৰ পল্লৱী বৰগোঁহাই , ন বোৱাৰী গোটৰ বুলু ফুকন, সংগীত সূৰ্য গোটৰ কোৰোনা সজাগতা নাট , নেতাজী গোটৰ জ্যোতি প্ৰভা , নিষ্ঠা গোটৰ  নিবেদিতা দত্ত, জোনবাই গোটৰ বিদ্যাৱতী গগৈ, দেৱী গোটৰ ৰঞ্জু কোঁচ, পাৰিজাত গোটৰ নৱনিতা দেৱী  আদিৰ সুললিত গীত কবিতাৰৰ মূৰ্ছনাই জীপাল কৰি তোলা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত ধেনুখণা বাটমাৰী পঞ্চায়তৰ সভাপতি হেপী কোঁৱৰ গগৈ, অগ্ৰণী সমাজ সেৱিকা  ৰিকুমনি চেতিয়া আদিয়েও মননশীল আৰু প্ৰেৰণাদায়ক  বক্তব্য আগবঢ়াই মহিলা সকলক অনুপ্ৰাণিত কৰে। সভাত ঢকুৱাখনা উন্নয়ন খণ্ডৰ  খণ্ড প্ৰকল্প প্ৰবন্ধক জেচমিন দলেয়ে নাৰী শক্তি মহান শক্তি বুলি মন্তব্য কৰি নাৰী শক্তি ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৰোমা দেৱীৰ সংঘর্ষময় জীৱন গাঁথাৰ দৃষ্টান্ত দাঙি ধৰি কঠোৰ জীৱন সংগ্রামেৰে সফল জীৱন পৰিক্ৰমাৰ বিস্তৃত অৱলোকন কৰি খণ্ড প্ৰকল্প আঁচনি  প্ৰবন্ধক গৰাকীয়ে গোটৰ  সদস্য সকলক জন্মগত শিক্ষা আৰু দক্ষতাক ব্যৱহাৰিক দিশত প্ৰয়োগেৰে নিজৰ লগতে সমাজক আগুৱাই নিয়াত আত্মনিয়োগৰ আহ্বান জনায় । দলেয়ে চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে সকলোকে  স্বনির্ভৰশীল হৈ প্ৰাত্যহিক কৰ্মব্যস্ততাৰ মাজেৰে স্ব উদ্ভাসিত হোৱাৰ আহ্বান জনায়। পুৱা পৰিবেশ নিকাকৰণ , গছপুলি ৰোপণৰ পাছতে মণ্ডলৰ সদস্য সকলৰ শ্ৰুতিমধুৰ সমবেত সংগীতেৰে মঞ্চ উদ্ধোধন কৰা হয় আৰু মণ্ডলৰ কোষাধ্যক্ষ পৰিমা দাস ভৰালী আৰু সম্পাদিকা  পূৰবী বৰগোহাঁইৰ নেতৃত্বত সদস্য সকলৰ বিহুৰে প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি মৰা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.