ঢকুৱাখনাত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা সন্দৰ্ভত সজাগতা সভা  

0 159

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ জনমুখীকৰণ আৰু আঁচনিখনৰ সজাগতা বৃদ্ধিৰ সম্পৰ্কীয় দুখন সভা বুধবাৰে ঢকুৱাখনা মহকুমাত অনুষ্ঠিত হয়। ধেমাজি বিধানসভা সমষ্টিৰ অন্তর্গত ঢকুৱাখনা মহকুমাৰ শিঙিয়া পঞ্চায়তৰ  গোবিন্দপূৰত আৰু হাৰ্হি পঞ্চায়তৰ  কঠালগুৰি  তিনিআলিত অনুষ্ঠিত দুয়োখন সজাগতা সভা হাৰ্হি মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত হয়। মণ্ডলটোৰ অন্তৰ্গত পশ্চিম মাছখোৱা  সমবায়  সমিতিৰ অধীনস্থ গৰিষ্ঠ সংখ্যক সুলভ মূল্যৰ এজেন্টৰ সৈতে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত যোৱা মে’ মাহৰ পৰা দীপাৱালীৰ পৰ্যন্ত পাব লগীয়া  ৫ কেজি চাউল প্ৰতিজন ব্যক্তিৰ বাবে প্ৰতি মাহে এই আঁচনি  যথা সময়ত  হিতাধিকাৰীয়ে লাভ কৰাৰ বাবে গ্ৰহনীয় ব্যৱস্থা সন্দৰ্ভত  বিশদ  আলোচনা কৰা হয়। হাৰ্হি মণ্ডল সভাপতি প্ৰণবজিত গগৈ ,  সাধাৰণ সম্পাদক বিপুল দত্ত , বুথ সভাপতি দিগন্ত বৰা ,বিকাশ হাজৰিকা , হাৰ্হি মণ্ডলৰ প্ৰাক্তন  উপ সভাপতি  ইন্দ্ৰ বৰা , সমবায় এজেন্ট প্ৰায় ২২ গৰাকী , হিতাধিকাৰী ৩০  গৰাকী উপস্থিত থকা সভাত “প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা” শীৰ্ষক দুয়োখন সভাত  সুলভ মূল্যৰ এজেন্ট আৰু গ্ৰাহকসকলৰ মাজত  অতিমাৰী কোভিডৰ সজাগতা বৃদ্ধিৰ বাবে  জনসাধাৰণে গ্ৰহণ কৰিব লগা কৰণীয় সন্দৰ্ভত  বিশদ আলোচনা কৰি  সচেতনতা বৃদ্ধিৰ আহ্বান জনোৱা হয়। 
বাতৰি যুগুতালে ঢকুৱাখনাৰ অমৃত পৱন বৰাই।
 

Leave A Reply

Your email address will not be published.