ঢকুৱাখনাত মিচিং মহিলা সংগঠনৰ নাৰী দিৱস পালন

0 358

বহনক্ষম ভৱিষ্যতৰ বাবে বৰ্তমান লিংগ সমতা” শীৰ্ষক বাণীৰে মঙ্গলবাৰে  ঢকুৱাখনা মহকুমাত বিভিন্ন নাৰী বাদী সংগঠনৰ উদ্যোগত  আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ।  সাম্প্ৰতিক সমাজ সভ্যতাৰ পৰা লিংগ বৈষম্য আৰু লিংগ প্ৰভেদ দূৰ কৰি এখন পুৰুষ মহিলাৰ প্ৰভেদবিহীন, শ্ৰেণীহীন  সমাজ গঢ়াৰ মূলমন্ত্ৰৰে ঢকুৱাখনা জিলা মিচিং মহিলা সমিতিৰ উদ্যোগত আৰু সন্মিলিত নাৰী শক্তি অসমৰ ঢকুৱাখনা ব্লক সমিতিৰ  সহযোগত আন্তৰ্জাতিক নাৰী দিৱসটো মাতমৰাত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । মাতমৰাৰ লয়িদ কম্প্লেক্স প্ৰাংগণত অনুষ্ঠিত নাৰী দিৱসৰ পতাকা উত্তোলন কৰে জিলা টি এম এম কেৰ সভানেত্রী নিৰু লাগাচো আৰু ঢকুৱাখনা ব্লক নাৰী শক্তিৰ সভানেত্রী  পূৰ্ণিমা পেগুৱে ।ইয়াৰ পাছতে স্বাধীকাৰ প্ৰাপ্তিৰ সংগ্ৰামখনত  আত্ম বলিদান দিয়া বীৰ বীৰাংগনা সকলৰ স্মৃতিত শ্বহীদ স্মৰণ কৰা হয় ।দুপৰীয়ালৈ  লয়িদ কম্প্লেক্সত অনুষ্ঠিত কৰা হয় মুকলি সভা।জিলা নেত্ৰীদ্বয় নিৰু লাগাচো আৰু পূৰ্ণিমা পেগুৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত  মিচিং জাতীয় সংগঠন মিচিং মিমাগ কৌবাংৰ সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু,  মিচিং মহিলা সমিতিৰ প্ৰাক্তন সম্পাদিকা তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাং ,ঢকুৱাখনা জিলা পৰিষদ সমষ্টিৰ  সদস্য  ইন্দ্ৰ কুমাৰ চুংক্ৰাং  , সদৌ মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি যতীন পেগু ,সাংগঠনিক সম্পাদক ক্ষীৰোদ পেগু ,  সদস্য খনিন্দ্ৰ মেদক ,  মোহন পেগু , দ্বীপেন দলে  ঢকুৱাখনা মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ প্ৰবক্তা  প্ৰবীণ দলেৰ উপৰিও জাতীয় সংগঠনৰ জিলা আৰু আঞ্চলিক সমিতিৰ  নেতৃবৰ্গ দিৱসত উপস্থিত থাকে । জনাকীৰ্ণ সভাত  জাতীয় নেতা ক্ৰমে সুনীল কুমাৰ পেগু, ইন্দ্ৰ কুমাৰ চুংক্ৰাং, ইন্দিৰা চিন্তে কুম্বাং, প্ৰবীন দলে,  যতিন পেগু,খনিদ্ৰ মেদক আদিয়ে বক্তব্য ৰাখি  লিংগ বৈষম্য হীন এখন সমাজেহে  দেশ জাতিৰ সৰ্বাংগীন  সৱলীকৰণ আৰু উত্তৰণৰ পথ প্ৰশস্ত কৰিব বুলি কৈ নাৰী শক্তিৰ মাজত লুকাই থকা  অদম্য সৃজনীশীলতা আৰু  সৃষ্টিশীলতাৰ অবিহনে  স্বদেশ স্বজাতিৰ  উন্নয়ন বিকাশ  অসম্ভৱ বুলি বক্তা সকলে মন্তব্য কৰে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.