আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত তামুলপুৰ জিলা প্ৰশাসন আৰু তামুলপুৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ উদ্যোগত “সম্পূৰ্ণতা অভিযান” কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। উল্লেখ্য যে সমগ্র ভাৰতত নিতি আয়োগৰ এক সমীক্ষা মতে, ১১২খন জিলা আৰু ৫০০টা উন্নয়ন খণ্ড প্ৰত্যাশিত জিলা আৰু উন্নয়ন খণ্ড হিচাপে চিহ্নিত হৈছে। সেই অনুসৰি বিটিআৰৰ বাক্সা জিলাখন প্ৰত্যাশিত জিলা হিচাপে চিহ্নিত হোৱাৰ বিপৰীতে তামুলপুৰ উন্নয়ন খণ্ডটো প্ৰত্যাশিত উন্নয়ন খণ্ড হিচাপে চিহ্নিত হৈছে। অৱশ্যে তামুলপুৰ জিলাখন প্ৰত্যাশিত জিলা হিচাপে চিহ্নিত হোৱা নাই। নিতি আয়োগৰ মতে, যিবোৰ জিলা বা উন্নয়ন খণ্ডত আশা কৰা ধৰণে উন্নয়ন হোৱা নাই, সেইবোৰ জিলা বা উন্নয়ন খণ্ডক “প্ৰত্যাশিত” জিলা বা উন্নয়ন খণ্ড হিচাপে চিহ্নিত কৰা হৈছে। ডি আৰ ডি এৰ বিষয়া লাৱণ্য দাসে আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পাৰিষদ হেমন্ত কুমাৰ ৰাভাই কয় “ভাৰতবৰ্ষক যদি বিশ্বৰ এখন বিশেষ ৰাষ্ট্ৰ হিচাপে চিহ্নিত কৰিব খোজো, তেন্তে কিছুমান সৰু সৰু কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। আনকি উন্নয়ন খণ্ড পৰ্যায়ত যিবোৰ কাম পিছপৰি আছে, সেইবোৰক ক্ষিপ্ৰতাৰে আগুৱাই নিব লাগিব। শিক্ষা, কৃষি, স্বাস্থ্য আদি ক্ষেত্ৰবোৰ পিছপৰি থাকিলে আমি আমাৰ ৰাজ্যখনক দেশৰ ৫খন আগশাৰীৰ ৰাজ্য হিচাপে কেতিয়াও গঢ় দিব নোৱাৰিম। তামুলপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ আৰু টিএলচিচিৰ অধ্যক্ষ পৱিত্ৰ নাৰ্জাৰীয়েও আমাৰ জিলা তথা উন্নয়ন খণ্ডটোক শিক্ষা, কৃষি, স্বাস্থ্য, সমাজকল্যাণ আদি দিশত কেনেকৈ আগুৱাই নিব পাৰি, সেই সম্পৰ্কে সাৰুৱা ভাষণ ৰাখে। আজিৰ সভাৰ আৰম্ভণিতে মুখ্য অতিথিকে ধৰি বিষয়াবৰ্গই স্বাস্থ্য, কৃষি আদি বিভাগৰ উপৰি কিছু আত্মসহায়ক গোটে প্ৰদৰ্শন কৰা বিপনীও পৰিদৰ্শন কৰে। আজিৰ সভাখনত পাৰিষদ হেমন্ত কুমাৰ ৰাভাৰ উপৰি দিল্লীৰ নিতি আয়োগৰ যুৱ কৰ্মী হেমাংগিনী চৌধুৰী, তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ, সহকাৰী আয়ুক্ত কবিতা ফাংচ’, ভিচিডিচিৰ অধ্যক্ষ পৱিত্ৰ নাৰ্জাৰী, তামুলপুৰ উন্নয়ন খণ্ডৰ উন্নয়ন খণ্ড বিষয়া দেৱকুমাৰ বসুমতাৰী, এবিপি ফেল’ ৰৈশুমৈ বড়ো, বিটিআৰ ফেল’ নিতিৰাজ চহৰীয়া আৰু ৰাখি শৰ্মাৰ উপৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু পাঁচ শতাধিক লোক উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে। উল্লেখ্য যে ৪ জুলাইৰ পৰা আৰম্ভ হোৱা সম্পূৰ্ণতা অভিযান অহা ৩০ ছেপ্টেম্বৰত সামৰণি পৰিব।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index