তেজপুৰ বিশ্ব বিদ্যালয়ৰ সাফল্য

0 271

পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি তেজপুৰ বিশ্ব বিদ্যালয় পুনৰ উজলি উঠিল।ব্ৰিকচৰ সমীক্ষাত স্থান লাভ কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ে।বিদ্যায়তনিক স্থিতি,অধ্যাপক আৰু ছাত্ৰৰ অনুপাত,আন্তজাৰ্তিক পৰ্য্যায়ৰ অধ্যাপকৰ অনুপাত আদিকে ধৰি ৮ টা দিশৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ে ৪০০ খন আগশাৰীৰ শিক্ষানুষ্ঠানৰ ভিতৰত ১৪৬সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হ’ল।উল্লেখযোগ্য যে এই সমীক্ষাত ভাৰতৰ লগতে ব্ৰাজিল,ৰাচিয়া,চীন,দক্ষিণ আফ্ৰিকা উচ্চ শিক্ষা প্ৰতিষ্ঠানক সাঙুৰি লোৱা হৈছিল।ইয়াৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিলে চীনৰ চিংহুৱা বিশ্ব বিদ্যালয়ে।স্মতব্য যে ইতিপূৰ্বেও তেজপুৰ বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.