১৮ বছৰ সম্পূৰ্ণ কৰা কামৰূপ জিলাৰ সকলো নাগৰিককে যোৱা ১ নৱেম্বৰৰ পৰা অহা ৩০ নৱেম্বৰলৈ চলিবলগীয়া বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ যোগেদি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে সজাগ আৰু উৎসাহিত কৰাৰ অৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ এই অনুসৰি জিলাখনৰ বিভিন্ন ঠাইত ভোটাৰ তালিকা সংশোধনী সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে৷ ইয়াৰে অংশ হিচাপে কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত পলাশবাৰীৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আজি সজাগতামূলক কাৰ্যসূচী এলানি অনুষ্ঠিত কৰা হয়৷ প্ৰথমে মহাবিদ্যালয় প্ৰাংগনত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়৷ সংশোধনী প্ৰক্ৰিয়াৰ ওপৰত যুগুতোৱা বাটৰ নাটখনি উপভোগ কৰি উপস্থিত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু আন লোকসকল উপকৃত হয় আৰু সংশোধনী প্ৰক্ৰিয়া সম্পৰ্কত অৱগত হয়৷ ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ সভাকক্ষত ছাত্ৰ-ছাত্ৰী, শিক্ষক, বি এল অ’, এইআৰঅ’সকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে পলাশবাৰীৰ চক্ৰ বিষয়া ধ্ৰৱজ্যোতি পাঠকে সকলোকে আনুষ্ঠানিকভাৱে আদৰণি জনায়৷ সভাত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণ আৰু সংশোধনী প্ৰক্ৰিয়া সম্পৰ্কত বাৰ্তালাপ কৰি কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নৰসিং বেয়ে উপস্থিত লোকসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান দিয়ে৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মানস প্ৰতীম বৰুৱাই পৰিচালনা কৰা এই প্ৰতিযোগিতাত নিৰ্বাচন আয়োগ আৰু সংশোধনী প্ৰক্ৰিয়া সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰা হয় আৰু বিজয়ীসকলক থিতাতে পুৰস্কাৰ প্ৰদান কৰা হয়৷ অনুষ্ঠানত বিশেষ সংক্ষিপ্ত সংশোধনী সম্পৰ্কীয় ভিডিঅ’ও প্ৰদৰ্শন কৰা হয়৷ কামৰূপৰ ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া জলি দাস, পলাশবাৰীৰ সংলগ্ন চক্ৰ বিষয়া দিপা তালুকদাৰ, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ নৱজ্যোতি দাস, সহকাৰী অধ্যাপক শ্ৰৱণ কুমাৰ দিহিদাৰ উপস্থিত থকা আজিৰ অনুষ্ঠানৰ আঁত ধৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া মঞ্জু ৰাণী ডেকাই। উল্লেখযোগ্য যে এই বিশেষ সংক্ষিপ্ত সংশোধনীৰ দাবী আৰু আপত্তিসমূহ অহা ২০ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰি অহা ৫ জানুৱাৰী, ২০২২ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব৷
Trending
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ