আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ উদ্যোগত বৃহত্তৰ পশ্চিম গুৱাহাটী, পলাশবাৰী আৰু ছয়গাঁৱ বিধান সভা সমষ্টিৰ ১১(এঘাৰ) টি শিৱ মন্দিৰত বেলগছ, বকুল, জলফাই, বৰজাম, অগৰু, দেৱদাৰু, নাহৰ গছৰপুলি ৰোপন কৰে। মঞ্চৰ উপদেষ্টা তথা সাংবাদিক, লেখক দীপক শৰ্মা, মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, প্ৰচাৰ সম্পাদক তথা শিক্ষক ৰঞ্জিত মহন্ত, সদস্য ধৰ্মেন্দ্ৰ দাস, সদস্য তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দক্ষিণ কামৰূপ জিলাৰ সেৱা প্ৰমুখ সীমান্ত দাসৰ নেতৃত্বত বৃক্ষৰোপন কৰা হয়। ছয়গাঁৱত সমষ্টিৰ ঐতিহাসিক বেউলা – লক্ষিন্দৰৰ কাহিনী সম্বলিত চান্দ সদাগৰৰ মঠপাৰাস্থিত শিৱ মন্দিৰ, চম্পক নগৰ আঞ্চলিক শ্ৰী শ্রী শিৱ মন্দিৰ, পলাশবাৰী সমষ্টিৰ বৃহত্তৰ কুকুৰমাৰা শিৱ মন্দিৰ, ৰামপুৰৰ ঐতিহাসিক শ্রী শ্রী পৰহদু মহাৰাজ আশ্ৰমস্থিত শিৱ মন্দিৰ, মিৰ্জা- জামৰতলস্থিত আঞ্চলিক পিতা-মাতা শিৱ মন্দিৰ, হাৰোপাৰা ২য় খণ্ডৰ শ্রী শ্রী হিলদাল প্ৰভু শিৱ মন্দিৰ, ধৰমপাৰা শিৱ মন্দিৰ, সৰুতেজপুৰ – মাজপাৰা শিৱ মন্দিৰ, সাতপখলী – শান্তিপুৰ সাৰ্বজনীন শ্রী শ্রী শিৱ মন্দিৰ, পশ্চিম গুৱাহাটী সমষ্টিৰ সানপাৰা কলিতাপাৰা বাবা শিৱ শংকৰ মন্দিৰ আৰু মেধিপাৰা শিলপোতা শিৱ মন্দিৰত কাহিলীপুৱাৰে পৰা সন্ধিয়ালৈ বৃক্ষৰোপন কৰে। এই কাৰ্যসূচীত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক যোগেশ কুমাৰ কলিতা, দ্বিজেন কলিতা, অৱসৰপ্ৰাপ্ত উপ অভিযন্তা সিদ্ধেশ্বৰ কলিতা, কামৰূপ জিলাৰ পেৰালিগেল স্বেচ্ছাসেৱক জয়ন্ত দাস, সৰু তেজপুৰৰ ধৰ্মপ্ৰাণা মহিলা নিৰোদা কলিতা, বিনা কলিতা, সাতপখলীৰ সমাজকৰ্মী কামেশ্বৰ দাস, প্ৰণৱ দাস, কুকুৰমাৰাৰ ৰুদ্ৰ কাকতি, মন্টু দাস, ধৰ্মেশ্বৰ দাস, গোপাল দাস, ছয়গাঁৱত তৰুণ শালৈ প্ৰভৃতি বিশিষ্ট লোকসকলে অংশ গ্রহণ কৰে। সচেতন মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- বৰ্তমানৰ সময় বৰ ভয়ংকৰ সময়। আমি জীয়াই থাকিবলৈ যথেষ্ট পৰিমাণে গছ ৰোপন কৰিব লাগে। গছ থাকিলেহে মানৱ জাতি জীয়াই থাকিব পাৰিব। মহামাৰী ক`ৰণাই শিকাই দিলে। সকলো প্ৰান্ততে গছ ৰোপন, সংবৰ্দ্ধন কৰি সুন্দৰ সামাজিক বাতাবৰণ সৃষ্টি কৰিব লাগে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত