একাদশ বিশ্ব যোগ দিৱস উদযাপনৰ প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ আৰু পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ উদ্যোগত পহিলা জুনত গুৱাহাটী প্ৰেছ ক্লাবত এখন যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতা উদ্বোধন কৰে গুৱাহাটীৰ প্ৰেছ ইনফৰমেছন বুৰ’ৰ (পিআইবি) সহকাৰী সঞ্চালক প্ৰণৱ কুমাৰ নাথে। ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিস্থাপক সভাপতি যোগাচাৰ্য শুভাশিসৰ আদৰণি ভাষণেৰে আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰম্ভ হয় । প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ শান্তনু ৰায়চৌধুৰী আৰু গুৱাহাটী অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ(এইমছ) যোগ চিকিৎসক অংকিতা বৰঠাকুৰে। যোগাসন প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে সুৰেশ পোদ্দাৰ, দিব্যজ্যোতি ডেকা আৰু অৰুন্ধতী তালুকদাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অফ হেলথ চায়েন্সৰ যোগ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ ফলাফল তথা পুৰস্কাৰসমূহ অহা একাদশ বিশ্ব যোগ দিৱসৰ উদযাপন সমাৰোহত প্ৰদান কৰা হ’ব।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ