মহানগৰীত অনুষ্ঠিত হ`ল ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস

0 255

আজি কাৰ্গিল বিজয় দিৱস।এই দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ ৱাৰ মেমৰিয়েলত অনুষ্ঠিত হয় এক অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে শ্বহীদ জিন্তু গগৈৰ পিতৃ ঠগিৰাম গগৈ আৰু মাতৃ দুলু প্ৰভা গগৈ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই বিশেষ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত উপস্থিত থাকি কেপ্টেইন জিন্টু গগৈ পিতৃ ঠগিৰাম গগৈয়ে কয় যে আজি দিনটো গৌৰৱবোধ কৰিছো। আমি এজন ল’ৰাক হেৰুৱাইছো কিন্তু এতিয়া হাজাৰজন ল’ৰাক পাইছোঁ। বিশেষকৈ সংবাদ মাধ্যমৰ গুৰুত্ব আৰু তৎপৰতাক দেখি আবেগিক হৈ পৰিল শ্বহীদগৰাকীৰ পিতৃ। কাৰ্গিল দিৱসৰ লগত সংগতি ৰাখি এটা ফটো সংগ্ৰহালয় মুকলি হয়।উল্লেখযোগ্য যে আজি কেন্দ্ৰীয় ভাৱেও এই দিৱস উদযাপন কৰা হৈছে।
আনহাতে শ্বহীদ কেপ্তেইন জিন্টু গগৈ ঘৰতো জাচিংফা লেখিকা সমাৰোহৰ সহযোগত বিজয় দিৱস কাৰ্যসূচী অনুষ্ঠিত হয়। জিন্টু গগৈ সমাধিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। নুমলীগড় দিল্লী পাব্লিল স্কুলৰ অধ্যক্ষ উমেশ চন্দ্ৰ হাৰব’লা।আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট গাৰ্লছ এন চি চিৰ কামাণ্ডেণ্ট এচ এচ শিৱাটচ।উল্লেখযোগ্য যে ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাই দেশৰ অখণ্ডতা ৰক্ষা কৰি কাৰ্গিলৰ উচ্চ শিখৰত বিজয় ধ্বজা উৰুৱাইছিল।

Leave A Reply

Your email address will not be published.