দক্ষিণ শালমাৰাৰ হাজিৰহাটত মিছন বসুন্ধৰা আৰু ৰাজহ আদালতৰ জৰিয়তে ভূমিৰ নথি উন্নীতকৰণৰ কাম আৰম্ভ

0 224

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা হাজিৰহাট অঞ্চলত অলপতে অসম চৰকাৰৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত ভূমিৰ নথি উন্নীতকৰণৰ বাবে মিছন বসুন্ধৰা অভিযান জৰিয়তে আৰু ৰাজহ আদালতৰ দ্বাৰা মাটিৰ খাজনা সংগ্ৰহ কৰাৰ লগতে সাধাৰণ লোকৰ ভুমিৰ নথি উন্নীতকৰণৰ কাম আৰম্ভ কৰা হয়।
উল্লেখযোগ্য যে এই মিছন বসুন্ধৰা অভিযানত দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়া বলিন বাবা বালাৰীৰ লগতে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিভিন্ন কৰ্মচাৰী সকল উপস্থিত থাকে। হাজিৰহাট, গোটাবাৰী এলেকাৰ ৰাইজৰ ভূমিৰ নথি সমূহ উন্নীতকৰণৰ বাবে আবেদন সমূহ সংগ্ৰহ কৰাৰ উপৰিও ৰাজহ আদালতৰ দ্বাৰা মাটিৰ খাজনা সংগ্ৰহ কৰা হয়। চৰকাৰৰ এই বসুন্ধৰা আভিযানৰ দ্বাৰা সাধাৰণ ৰাইজে বিনামুলীয়াকৈ মাটিৰ কাম কাজ কৰাৰ সুবিধা লাভ কৰিব বুলি জানিব পৰা গৈছে।
বাতৰি যুগুতালে দক্ষিণ শালমাৰাৰ পৰা সামিম জাকাৰিয়াই..

Leave A Reply

Your email address will not be published.