গুৱাহাটী বি আৰ অ’ৰ মটৰ চাইকেল ৰেলীৰ শুভাৰম্ভ

0 217

দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষপূৰ্তিৰ লগত সংগতি ৰাখি পালন কৰি অহা “আজাদি কা অমৃত মহোৎসৱ” উপলক্ষে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ই ১৪ অক্টোবৰত নতুন দিল্লীৰ পৰা দেশজুৰি আৰম্ভ কৰিছিল মটৰ চাইকেল ৰেলী । ৭৫ দিনত ২০,০০০ কিঃমিঃ যাত্ৰা পথ এই অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা ৰেলীত বি আৰ অ’ৰ বিভিন্ন পদমৰ্যাদাৰ ৭৫ জন জন বিষয়া ,জুনিয়ৰ কমিচনড বিষয়া ,নন কমিচনড বিষয়াই ভাগ লৈছে । ৰেলীত ভাগ লোৱা মটৰ চাইকেল ৰাইডাৰ সকলে ভাগে ভাগে দেশৰ দুৰ্গম স্থান সমূহলৈ যাত্ৰা কৰিছে । আনহাতে এই ৰেলীত ভাগ লোৱা ২১ জনীয়া এটা দল কালি দুপৰীয়াৰ ভাগত শ্বিলঙৰ পৰা গুৱাহাটীৰ লংকেশ্বৰত থকা বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ত আহি উপস্থিত হয় । পূব মণ্ডল মুখ্য কাৰ্যালয়ত ২১ জনীয়া দলটোৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত দলটোৱে কলকাতালৈ যাত্ৰাৰ উদ্দেশ্যে বিয়লি ৩ বজাত যাত্ৰা আৰম্ভ কৰে । পতাকা জোকাৰি দলটোৰ যাত্ৰাৰ শুভাৰম্ভ কৰে বি আৰ অ’ৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) প্ৰবীণ কুমাৰ হনুমন্ত সিঙে । চমু ভাষণত এ ডি জি সিঙে দলটোৰ যাত্ৰাৰ সফলতা কামনা কৰি বি আৰ অ’ই আন্তৰ্জাতিক সীমান্তৰে আবৃত উত্তৰ পূৰ্বাঞ্চলত পথ যাতায়ত ব্যৱস্থা সুচল কৰি ৰাখিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে বুলি সদৰি কৰে । দলটোৱে ইতিমধ্যে নিশা ১০ বজাত পশ্চিমবঙ্গৰ আলিপুৰ দুৱাৰত উপস্থিত হৈ নিশাটো তাতে কটায় আৰু তাৰ পৰা পুনৰ কলকাতা অভিমুখে যাত্ৰা কৰিছে । দলটোত চাৰিজন কমিচনড বিষয়া , দুজন জুনিয়ৰ কমিচনড বিষয়া আৰু ১৫ জন নন কমিচনড তথা অন্যান্য পদবীৰ কৰ্মচাৰীয়ে ভাগ লৈছে । উল্লেখযোগ্য যে অহা ২৭ ডিচেম্বৰত নতুন দিল্লীত এই ৭৫ দিনীয়া যাত্ৰাৰ সামৰণি পৰিব বুলি বি আৰ অ’ৰ সূত্ৰত প্ৰকাশ।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.