ভাৰতীয় কৃষি গৱেষণা পৰিষদ চমুকৈ আই চি এ আৰৰ পাটনাস্থিত পূৱ মণ্ডল গবেষণা চৌহদৰ উদ্যোগত , আই চি এ আৰ এ টি এ আৰ আইৰ গুৱাহাটী কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ যৌথ সহযোগত আজি পশ্চিম গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত দিনযোৰা কাৰ্যসূচীৰে কৃষকক সৱলীকৰণৰ বাবে এখন কৰ্মশালা অনুষ্ঠিত হয়। আই চি এ আৰ, পাটনা চৌহদৰ সঞ্চালক ডঃ অনুপ দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কে এম বুজৰবৰুৱাই ভাষণ প্ৰসংগত এনে ধৰণৰ কৰ্মশালাত ভাগ লোৱা কৃষকসকলে বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি কৰ্ম কৰি কিদৰে উৎপাদন বৃদ্ধি কৰি আৰ্থিকভাৱে লাভবান হব পাৰে সেই বিষয়ে জনাত সহায়ক হয় বুলি সদৰি কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আই চি এ আৰৰ বৰাপানী চৌহদৰ সঞ্চালক ডঃ ভি কে মিশ্ৰ, আই চি এ আৰৰ নাগালেণ্ড চৌহদৰ যুটীয়া সঞ্চালক ডঃ ডি জে ৰাজখোৱা, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষা সম্প্ৰচাৰণ সঞ্চালক ডঃ এইচ চি ভট্টাচাৰ্যই এনে ধৰণৰ কৰ্মশালাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। আনহাতে আই চি এ আৰৰ সংগীত পৰিবেশনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত এটি বৰগীত পৰিবেশন কৰে সংগীত শিল্পী জিতুমণি দাসে । শেষত শলাগৰ শৰাই আগবঢ়াই কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাই। আনহাতে কৰ্মশালাত প্ৰতিপালিত গাঁও হিচাপে পৰিগণিত কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰ আৰু ডিমৰীয়া উন্নয়ন খণ্ডৰ এলেকাৰ ৰেৱা মহেশ্বৰ ( টি এছ পি ভিলেজ ) তথা ধীপুজী জান পাম ( এছ চি এছ পি) ৰ পৰা অহা জনজাতীয় মহিলাসহ ডেৰ শতাধিক কৃষক উপস্থিত থাকে। কৃষক সকলৰ মাজত কৃষি কাৰ্যত লাগতিয়াল সামগ্ৰী যেনে – জলসিঞ্চনত ব্যৱহৃত পাইপ, বাল্টি, মগ, নেটসহ কেতবোৰ সামগ্ৰী বিতৰণ কৰা হয়। আনহাতে কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে “প্ৰয়াস” শীৰ্ষক মূল বাণীৰে অনুষ্ঠিত কৰ্মশালাত সমল ব্যক্তি হিচাপে ডঃ এইচ চি ভট্টাচাৰ্য , ডঃ ধীৰেন্দ্ৰ নাথ কলিতা, আই চি এ আৰ পাটনা চৌহদৰ ডঃ কমল শৰ্মা আৰু ডঃ এন ভক্ত, এ টি এ আৰ আইৰ গুৱাহাটী কেন্দ্ৰৰ ডঃ বাগীশ কুমাৰ আৰু ডঃ পৰাগ শইকীয়া উপস্থিত থাকে। কৰ্মশালাৰ অন্ততঃ কৃষক সকলক কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত থকা কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰোৱা হয়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ