দিহিং পাটকাই পৰিদৰ্শনৰ পিছত বন মন্ত্ৰীয়ে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে ল’ব পৰৱৰ্তী পদক্ষেপ

0 287

অসমৰ পাৰিপাৰ্শ্বিকতা আৰু জৈৱ বিবিধতা সংৰক্ষণৰ লগতে ৰাজ্যখনৰ চাৰিওফালৰ প্ৰাকৃতিক শোভা, সেউজীয়া আৱৰণ তথা প্ৰাকৃতিক সমল সমূহকলৈ চৰকাৰ সকলো দিশতে সাজু বুলি আজি ডিব্ৰুগড় জিলাত সাংবাদিকৰে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য প্ৰকাশ কৰে। ৰাজ্যত সম্প্ৰতি  চৰ্চিত বিষয় দিহিং পাটকাইৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
 
 
তেখেতে কয় যে দিহিং পাটকাই বৰ্ষাৰণ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এক চৰজমিন বুজ ল’বলৈ তথা এই সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্যৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ইতিমধ্যে নিৰ্দেশ দিছে।
 
 
আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’ভিড১৯ক প্ৰতিৰোধ কৰাৰ বাবে স্থাপন কৰা দ্বিতীয় পৰ্যায়ৰ সৰ্বমুঠ চাৰিটা কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত সমগ্ৰ ব্যৱস্থা সন্দৰ্ভত বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। এই সময়ছোৱাত সাংবাদিকৰে হোৱা কথা বতৰাত কোৱাৰেণ্টাইনত থকা লোকসকলক কোনোধৰণৰ পৰিস্থিতিতে নীতি নিয়ম ভংগ নকৰিবলৈ আহ্বান জনায়।
 
আনহাতে সকলো লোককে ক’ভিড১৯ৰ বিৰূদ্ধে সজাগ হ’বলৈও আহ্বান জনায়। লগতে তেখেতে কয় যে কোৱাৰেণ্টাইনৰ নীতি নিয়ম ভংগই সমাজলৈ ভাবুকি আনিব পাৰে আৰু এই নীতি নিয়ম ভংগকাৰীৰ বিৰূদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাদে আন কোনো বিকল্প পথ নাই।
 
ক’ভিড১৯ৰ এই যুঁজখনত জয়লাভ কৰিবলৈ সকলোকে সৰ্তক মূলক ভাৱে থাকিবলৈ কয় মুখ্যমন্ত্ৰী সোণোৱালে। লকডাউনৰ ফলত বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক ঘৰলৈ ঘুৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে ভিন্ন পদক্ষেপ হাতত লোৱা বুলিও আজি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ক’ভিড১৯ৰ বিৰূদ্ধে সজাগতা সৃষ্টি কৰাৰ বাবে সকলোকে ধন্যবাদ জনায় লগতে শলাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Leave A Reply

Your email address will not be published.