কটনৰ চুডমাৰ্চন হলত আচাম জাষ্টিচ ফ’ৰামে আয়োজন এক অনুষ্ঠানত বাঁহীবাদক দীপক শৰ্মাক মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।অসমত বাঁহী জনপ্ৰিয় কৰাৰ লগতে পেছাদাৰীভাৱে বাঁহী বজালেও কোনো ধৰণৰ ধন দাবী নকৰাৰ বাবেই তেওঁক এই বঁটাৰ বাবে মনোনীত কৰা হয় বুলি জানিবলৈ দিয়ে দীপক শৰ্মাই।উল্লেখযোগ্য যে শিল্পীজনে আফ্ৰিকা,ইটালী,জাৰ্মানী,য়ক’শ্লভাকিয়া,চুইডেন,ডেনমার্ক,মৰিচাছ,গ্ৰীক,ৰাছিয়া,স্পেইন ইত্যাদি ৰাষ্ট্ৰতো বাঁহী বজাই সমাদৰ লাভ কৰিছে।বাঁহীবাদনৰ বাবে তেওঁ সত্ৰ মহাসভাৰ জীৱনজোৰা সাধনা বঁটা,নৰ্থ ইষ্ট টেলিভিচন বঁটা,ৰ’দালী বঁটা,এনাজৰী বঁটাকে আদি কৰি বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।ইয়াৰ উপৰিও তেখেতে জাতিংগা ইত্যাদি,লিনেন,জংকি পানৈকে ধৰি মুঠ ৫ খন চলচিত্ৰত সংগীত পৰিচালনা কৰিছে।চলিত বৰ্ষৰ পৰিকল্পনা সন্দৰ্ভত দীপক শৰ্মাই কয় যে তেখেতৰ জন্মস্থান নলবাৰীৰ পানীগাঁৱত ‘সংগীত ভাৰতী’ নামৰ এখন সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিব।আৰু অচিৰেই তেওঁ দুখন চিনেমাত পাৰ্শ্ব সংগীতৰ কামত ব্ৰতী হ’ব।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি