দুটা ইতিবাচক খবৰ

0 294

পদপথৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সকলো ব্যবসায়ীলৈ সুখবৰ কঢ়িয়াই আনিছে My pincode নামৰ এটা এপে। আজি মহানগৰীৰ হোটেল লিলিত এই বিশেষ এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্য চৰকাৰৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী কেশৱ মহন্তই। এপটো মুকলি কৰি মহন্তই কয় যে ফিচাৰ কৰপৰেট চলিউচনে খুব প্ৰয়োজনীয় আৰু বৰ্তমান যুগৰ লগত খাপ খাব পৰাকৈ এটা নতুন উপহাৰ আগবঢ়াইছে। তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন এপ সংযোজন কৰা বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই ভাবো এই এপটোৱে সকলো শ্ৰেণীৰ মানুহক সহায় কৰিব। আনহাতে এপটোৰ সম্পৰ্কত প্লাৱন শৰ্মাই কয় যে এই My pincode নামৰ এপটোত মুচিৰ পৰা আৰম্ভ কৰি গাড়ীৰ ডাইভাৰ, শাক পাচলিৰ ব্যৱসায়ী, ইলেক্ট্ৰিচিয়ানকে ধৰি সকলো ব্যবসায়ীৰ নাম ঠিকনা সন্নিবিষ্ট থাকিব। যাতে কোনো ব্যক্তিয়ে ম’বাইলতে সকলো খবৰ পাব পাৰে। এপটো Google play storeৰ পৰা ডাউনলোড কৰি ,কোনো ঠাইৰ পিন কোড ব্যৱহাৰ কৰি এপটোৰ সেৱা লাভ কৰিব পাৰিব। জানিব পৰা মতে অতি শীঘ্ৰে দেশৰ অন্যতম ৫খন প্ৰধান চহৰত এই এপটো উপলব্ধ হ’ব।

ইণ্ডিয়ান আইডল, ডান্স ইণ্ডিয়া ডান্সৰ পিছত এইবাৰ স্বাস্থ্য খণ্ডত জিলিকি উঠিছে অসমৰ এগৰাকী মহিলা। জানিব পৰা মতে এই বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা মহিলা গৰাকী হৈছে মাজুলী জিলা স্বাস্থ্য বিভাগৰ অধীনত কৰ্মৰত মহিলা স্বাস্থ্য পৰিদৰ্শিকা (Lady Health Supervisor) ইলা চুতীয়া। উল্লেখ্য যে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মানৱ দৰদী বিশ্বৰ মহানতম নাৰ্চ ফ্লোৰেন্স নাইটিঙ্গগেলৰ জন্মদিন উপলক্ষে নাৰ্চিং সেৱাৰ ক্ষেত্রত অনবদ্য অৱদান আগবঢ়াই অহা নাৰ্চ সকলক প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে।

এই পৰিপ্ৰেক্ষিতত নাৰ্চিং সেৱা আগবঢ়োৱা ইলা চুতীয়াক ৰাষ্ট্ৰীয় ফ্লোৰেন্স নাইটিঙ্গগেলৰ এৱাৰ্ড ২০১৮ৰ বাবে মনোনীত কৰিছে সংশ্লিষ্ট মন্ত্ৰালয়ে। অহা ১২ মে’ত নতুন দিল্লীত ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ হাতৰ পৰা ইলা চুতীয়াই এই বঁটা গ্ৰহণ কৰিব। এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা, এখন প্ৰশস্তি পত্ৰ আৰু মেডেল। নিজৰ কৰ্ম গুণৰ জৰিয়তে জিলা খনৰ লগতে সমগ্ৰ ৰাজ্য বাসীৰ বাবে গৌৰৱ কঢ়িয়াই অনা ইলা চুতীয়াক আমি জনাইছো বহু শুভকামনা।

Leave A Reply

Your email address will not be published.