দুটা খবৰৰ আঁত ধৰি

0 243
পোহৰ বিচাৰি জয়াতীৰ্থৰ বুকুত জীৱনৰ এছোৱা গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰি বৰ্তমান বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা শত-সহস্ৰজন দুটা দিন পিছতেই পুনৰ সমবেত হ’বহি জয়াতীৰ্থৰ বুকুত। আৰু এইসকলক আদৰিবৰ বাবে সাজু হৈ পৰিছে জয়াতীৰ্থ।সতী জয়মতীৰ স্মৃতি বিজড়িত ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰ কলেজত ২৩ আৰু ২৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব প্ৰাক্তন শিক্ষাৰ্থীৰ মহামিলন সমাৰোহ। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহৰ প্ৰস্তুতি তুংগত উঠিছে।
উল্লেখ্য যে, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মধৰ চলিহাৰ হাতৰ উমাল পৰশত ১৯৪৭ চনত জন্ম লাভ কৰা তথা তেখেতৰ সুযোগ্য সন্তান পৰাগধৰ চলিহাৰ তত্ত্বাৱধানত লহপহকৈ ডাঙৰ হৈ উঠা শিক্ষাৰ এই বটবৃক্ষজোপাই চলিত বৰ্ষত সগৌৰৱেৰে ৭১ বছৰত ভৰি দিলে।
IMG-20171221-WA0016
প্ৰতিষ্ঠাকালৰ পৰা বৰ্তমানলৈকে শিক্ষা গ্ৰহণ কৰি যোৱা ন-পুৰণি সকলো ছাত্ৰ-ছাত্ৰীক আদৰিবলৈ সম্প্ৰতি সাজু হৈ উঠিছে মহাসন্মিলনৰ আয়োজক সমিতিৰ লগতে কলেজ পৰিয়াল। মনোমোহা কাৰ্য্যসূচীৰে মাত্ৰ দুটা দিনৰ পাছতেই হ’বলগা এই মহাসন্মিলনখন প্ৰথম দিনা পুৱা ৯ বজাত পতাকা উত্তোলন কাৰ্য্যসূচীৰে আৰম্ভ হ’ব। উক্ত দিনাই ৯:৩০ বজাত প্ৰাক্তন ছাত্ৰ–ছাত্ৰীৰ নাম পঞ্জীয়ন, ১০:৪৫ বজাত নিয়তিৰ কোলাত হেৰাই যোৱা শিক্ষক, কৰ্মচাৰী আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ বাবে মৌন প্ৰাৰ্থনা, ১১ বজাত ছাত্ৰ একতা সভাৰ সমৱেত সংগীত, ১১:৩০ বজাত উদ্বোধনী ভাষণ, ১১:৪৫ বজাত প্ৰাক্তন শিক্ষাগুৰুসকলক সম্বৰ্ধনা জ্ঞাপন, বিয়লি ৩ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ স্মৃতি ৰোমন্থনৰ আড্ডাৰ লগতে সন্ধিয়া শিক্ষাৰ্থীসকলৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।দ্বিতীয় দিনা পুৱা ৭:৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা, ১০ বজাত ‘প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ ভৱিষ্যত কাৰ্যপন্থা আৰু কলেজৰ সামগ্ৰিক উন্নতি’ শীৰ্ষক মুকলি সভা অনুষ্ঠিত হ’ব। এই সভাতেই সন্মিলনৰ লগত সংগতি ৰাখি কৃষ্ণা শইকীয়া আৰু নজিউল্লা হাজৰিকাৰ যুটীয়া সম্পাদনাত প্ৰকাশ পাব লগা স্মৃতিগ্ৰন্থ ‘আদ্যোত’ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী ইমৰান শ্বাহে। আনহাতে একেখন মঞ্চতেই উদযাপন সমিতিৰ সহযোগত কলেজৰ বহুকেইজন প্ৰাক্তন শিক্ষাৰ্থীৰ স্ব-ৰচিত গল্প, উপন্যাস, কবিতা পুথি উন্মোচন হ’ব।সন্মিলন সম্পৰ্কে সবিশেষ জানিবলৈ ৯৯৫৪৪-৩৩২৪২, ৯৯৫৪৩-০১৭৩৯, ৯৪৩৫০-৫৫০৮৫ নম্বৰত যোগাযোগ কৰিবলৈ উদযাপন সমিতিয়ে অনুৰোধ জনাইছে।
IMG-20171221-WA0015 - Copy
অসমৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান নৃত্য নাট্যমৰ অহা ২৭7 ডিচেম্বৰত গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সত্ৰীয় নৃত্যৰ আধাৰত এখন বিশেষ নৃত্য নাটিকা অনুষ্ঠিত হ’ব। কন্যা কুমাৰী শইকীয়াৰ লগতে কালাৰ্ছ টিভিৰ ৰাইজিং ষ্টাৰত গীত পৰিবেশন কৰি খ্যাতি অৰ্জন কৰা নিকিতা বড়োৱে অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।
IMG-20171221-WA0014
সেই অনুষ্ঠানত সমাজৰ বাবে বিশেষ বৰঙণি আগবঢ়াই অহা চৰাইদেউ জিলাৰ বিশিষ্ট শিক্ষক ধৰ্মেশ্বৰ কোঁৱৰক  “নৃত্য নাট্যম” সাংস্কৃতিক সমাজ সেৱা বঁটা প্ৰদান কৰা হ’ব। অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত চিত্ৰাংকণ প্ৰতিযোগিতা পুৱা ১০ বজাৰ পৰা দীঘলীপুখুৰীৰ উদ্যানত অনুষ্ঠিত হ’ব। সমুহ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা প্ৰকাশ ভাইমণিয়ে।
Leave A Reply

Your email address will not be published.