দুটা বিশেষ অনুষ্ঠানৰ আঁত ধৰি

0 214

দুঃসাহসিক পৰ্যটনক এক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান চমুকৈ আই আই ই গুৱাহাটীয়ে চাৰিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে আয়োজন কৰিছে এই নৰ্থ -ইষ্ট এডভেন্সাৰ টুৰিজিম ফেষ্টিভেল। উল্লেখযোগ্য যে অহা ১৩ছেপ্টেম্বৰৰ পৰা ১৬ছেপ্টেম্বৰলৈ বি টি এডি ৰ অন্তৰ্গত বাক্সা জিলাৰ বগামাটিত এই ব্যতিক্ৰমী ফেষ্টিভেল খন অনুষ্ঠিত হ’ব। এই উদ্দেশ্যেৰে উদ্যোক্তা সকলে আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল আয়োজন কৰে। সংবাদ মেল সম্বোধন কৰি আই আই ই’ৰ সঞ্চালক অভিজিৎ শৰ্মাই কয় যে আজিকালিৰ নৱপ্ৰজন্ম জন্মগতভাৱে দুঃসাহসিকতা আছে। দুঃসাহসিক পৰ্যটনৰ বিকাশৰ সুবিধা আৰু সম্ভাৱনীয়তা বহুত বেছি। দুঃসাহসিকতাৰ প্ৰতি আকৰ্ষিত সকলৰ মাজত জনপ্ৰিয় কৰি তোলাৰ বাবে আই আই ই’ৰ বিশেষজ্ঞ সকলে এই ফেষ্টিভেল আয়োজন কৰিছে। তেওঁ লগতে কয় যে এই ফেষ্টিভেলে বগামাটিক পৰ্যটনৰ এক নতুন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব। ইয়াৰ জৰিয়তে স্থানীয় ৰাইজৰ আৰ্থ সামাজিক পৰিস্থিতি সলনি কৰাৰ উপৰিও বি টি এডি অঞ্চলৰ যুৱক যুৱতী সকলে ইয়াক ব্যৱসায়িক ভাবে লাভবান হব। উল্লেখযোগ্য যে চাৰিদিনীয়কৈ অনুষ্ঠিত হ’বলগা এই ফেষ্টিভেলৰ সময়ত ৱাটাৰ ৰাফটিং, চাইক্লিং আদি অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰিছে। পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা এই ব্যতিক্ৰমী ফেষ্টিভেল খন উদ্বোধন কৰিব বিত্তমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

ছাত্ৰ সংগঠন সমূহে সামাজিক সমস্যাৰ উপৰিও বৌদ্ধিক ক্ষেত্ৰতো মনোনিৱেশ কৰিব লাগে। তেহে সমাজ খন উত্তৰণৰ দিশে অগ্ৰসৰ হ’ব। এই মন্তব্য কথা সাহিত্যিক হোমেন বৰগোহাঞিৰ। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত গৌৰিনাৰায়ণ বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে। লগতে তেখেতে বগীবিল দলঙৰ নামাকৰণ বীৰাংগনা সতী সাধিনীৰ নামত হ’ব লাগে বুলি মতপোষণ কৰে। ২০০৫ চনতে জন্ম লাভ কৰা চুতীয়া ছাত্ৰ সন্থাই জাতিটোৰ উত্তৰণৰ বাবে বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি ত্ৰয়োদশ সংখ্যক প্ৰতিষ্ঠা দিৱসত কৃষি মন্ত্ৰী অতুল বৰা,বিশিষ্ট চিন্তাবিদ ময়ুৰ বৰা,প্ৰতিদিন টাইম চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া,বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে।

খবৰ যুগুতালে হিৰকজ্যোতি ভট্টাচাৰ্যই

Leave A Reply

Your email address will not be published.