দুধনৈত ৫০ খন বিছনাযুক্ত চিকিৎসালয় শুভ উদ্বোধন

0 219

গোৱালপাৰা জিলাৰ স্বাস্থ্য খণ্ডৰ শক্তিশালীকৰণৰ দিশত এক নতুন সংযোজন হৈছে।আজি দুধনৈত ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে। কেন্দ্রীয় মন্ত্রী গৰাকী য়ে চিকিৎসালয় খন শুভ উদ্বোধন কৰি কয় যে প্ৰধানমন্ত্ৰী সবল নেতৃত্বত আমি আয়ুষৰ সুফল তৃণমূল পৰ্যায়লৈ লৈ গৈছো। দুধনৈৰ এই নতুন আয়ুৰ্বেদিক চিকিৎসালয়খনে ‘এক স্বাস্থ্য’ দৃষ্টিভংগীক ত্বৰান্বিত কৰি জনসাধাৰণক সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ আমাৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাক গতিশীলতা প্ৰদান কৰিব ।

আয়ুষ খণ্ডৰ জৰিয়তে অসমৰ স্বাস্থ্যসেৱা খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ আমি গ্ৰহণ কৰি আছে।সেই সমূহৰ ভিতৰত ডিব্ৰুগড়ত ১০০খন বিছনাযুক্ত এখন যোগ আৰু প্ৰাকৃতিক চিকিৎসা হস্পিতাল, ৬খন আয়ুষ চিকিৎসালয়,১০০খন আয়ুষ ডিছপেনছাৰী,২০০টা নতুন আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ (ইতিমধ্যে ২৮৯টা কেন্দ্ৰ কাৰ্যকৰী হৈছে)।গোৱালপাৰাক চিকিৎসা পৰ্যটনৰ এক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত আমি সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰে কাম কৰাৰ কথা সদৰি কৰে।

আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কুইন ওজা, ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভা, দুধনৈ সমষ্টিৰ মাননীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰী প্ৰমুখ্যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ বিষয়াসকল তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.