ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ চতুৰ্থ সংখ্যক জিলা কাৰ্যনিৰ্বাহক সভাখন আজি দুলীয়াজান ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে জিলা সভাপতি জগদীশ ৰাজকোঁৱৰে। ইয়াৰ পিছতে সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত জিলা সভাপতিয়ে আদৰণি ভাষণ আগবঢ়ায়।মণ্ডল সভাপতি সকলৰ লিখিত প্ৰতিবেদন পাঠ কৰাৰ পিছত সভাত ৰাজনৈতিক প্ৰস্তাৱ উত্থাপন কৰে জিলা উপ-সভাপতি ডাঃ চৈকত পাত্ৰই । উক্ত সভাতেই মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মাই ভাৰ্চুৱেল মাধ্যমৰ যোগেদি বক্তব্য প্ৰদান কৰে।আনহাতে উক্ত কাৰ্যনিৰ্বাহক সভাত জিলাৰ সাংগঠনিক দিশ আৰু আগন্তুক দিনত দলীয় কাৰ্যসূচীৰ সন্দৰ্ভত আলোকপাত কৰে সাংসদ তথা ডিব্ৰুগড় জিলা প্ৰভাৰী তপন কুমাৰ গগৈয়ে। ইফালে সভাত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়া, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা আদিয়ে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে। জিলাৰ সাধাৰণ সম্পাদক প্ৰশান্ত গগৈয়ে আঁতধৰা কাৰ্যনিৰ্বাহকত মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা আদিৰ লগতে জিলাখনৰ প্ৰায় শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে।
Trending
- ৰূপহীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন শিল্পী মিলেশ্বৰ ডেকালৈ লোকশিল্পী -২০২৫ বঁটা প্ৰদান
- অসম আৰু উত্তৰ পূৰ্বাঞ্চলত টপচেম এচ ডি চি এফ টি আৰ ++ চিমেন্ট মুকলি
- এন ই ফ’কাছৰ পদক্ষেপ, গুৱাহাটীত জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় সন্মিলন
- DoHUA Minister Jayanta Mallabaruah Launches Online Building Permission System (OBPS) for Faster and Transparent Approvals
- সৰুসজাই ষ্টেডিয়ামত ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- Nefocus initiative:climate change summit Held in Guwahati
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা