চিৰাং জিলাৰ আই নদীৰ পাৰৰ হাগ্ৰামা দলঙৰ কাষত অনুষ্ঠিত হৈছে চতুৰ্থ দৈজিং উৎসৱ।এই অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কয় যে নদীসমূহ হ’ল সভ্যতা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ।আই নদীৰ পাৰত অনুষ্ঠিত দৈজিং উৎসৱ এক মহা মিলনৰ উৎসৱ।বিটিএডি অঞ্চল এতিয়া দ্ৰুত প্ৰগতিশীল দিশত আগুৱাই গৈছে।আগন্তুক দিনতো শান্তি,সম্প্ৰীতি আৰু ভাতৃত্বৰ ধাৰা অক্ষুণ্ণ ৰাখি সকলো জাতি- জনগোষ্ঠী মিলি শক্তিশালী হৈ থাকিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী গৰাকীয়ে।নৈৰ পাৰত হোৱা এই উৎসৱে ভৱিষ্যতে আৰু অধিক দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব বুলি তেখেতে ব্যক্ত কৰে।যোৱা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱ ৭ জানুৱাৰীত সামৰণি পৰিব।উল্লেখযোগ্য যে এই উৎসৱত বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শন,সাংস্কৃতিক অনুষ্ঠান,ক্ৰীড়া তথা বিভিন্ন বিপনী ইত্যাদিৰ সমাহাৰ ঘটিছে।এই সভাত বিটিচি উপ প্ৰধান খাম্পা বৰগয়াৰী,পৰ্যটন মন্ত্রী চন্দন ব্ৰহ্ম,হাউচফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসকে ধৰি বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা