চিৰাং জিলাৰ আই নদীৰ পাৰৰ হাগ্ৰামা দলঙৰ কাষত অনুষ্ঠিত হৈছে চতুৰ্থ দৈজিং উৎসৱ।এই অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কয় যে নদীসমূহ হ’ল সভ্যতা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ।আই নদীৰ পাৰত অনুষ্ঠিত দৈজিং উৎসৱ এক মহা মিলনৰ উৎসৱ।বিটিএডি অঞ্চল এতিয়া দ্ৰুত প্ৰগতিশীল দিশত আগুৱাই গৈছে।আগন্তুক দিনতো শান্তি,সম্প্ৰীতি আৰু ভাতৃত্বৰ ধাৰা অক্ষুণ্ণ ৰাখি সকলো জাতি- জনগোষ্ঠী মিলি শক্তিশালী হৈ থাকিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী গৰাকীয়ে।নৈৰ পাৰত হোৱা এই উৎসৱে ভৱিষ্যতে আৰু অধিক দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব বুলি তেখেতে ব্যক্ত কৰে।যোৱা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱ ৭ জানুৱাৰীত সামৰণি পৰিব।উল্লেখযোগ্য যে এই উৎসৱত বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শন,সাংস্কৃতিক অনুষ্ঠান,ক্ৰীড়া তথা বিভিন্ন বিপনী ইত্যাদিৰ সমাহাৰ ঘটিছে।এই সভাত বিটিচি উপ প্ৰধান খাম্পা বৰগয়াৰী,পৰ্যটন মন্ত্রী চন্দন ব্ৰহ্ম,হাউচফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসকে ধৰি বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী