ধুবুৰীকে ধৰি পশ্চিম অসম আৰু চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ জিলাৰ ৰাইজৰ বহু প্ৰতীক্ষিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ আজি গুৱাহাটীৰ পৰা ভাৰ্চুৱেল মাধ্যম যোগে শুভ উদ্বোধন কৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।ৰাজ্যৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আইআইটি গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি মুৰ্মুৱে সেই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদতো আজি অনুষ্ঠিত হোৱা এখন সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই।ধুবুৰীৰ আজিৰ সেই সভা থলীত নিৰ্মিত এখন অস্থায়ী মঞ্চত স্থাপন কৰা এখন বিশাল ডিজিটেল পৰ্দাত উপস্থিত অতিথিকে ধৰি সৰ্বসাধাৰণ ৰাইজ আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যাপক, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলে ৰাষ্ট্ৰপতিৰ গুৱাহাটীৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰে।ডিজিটেল পৰ্দাত ৰাষ্ট্ৰপতি গৰাকীয়ে ৰিমটোৰ বুটাম টিপি ধুবুৰীৰ নৱনির্মিত এই চিকিৎসা মহাবিদ্যালয়খনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা প্ৰত্যক্ষ কৰাৰ লগে লগে ধুবুৰীৰ সভাথলীত উপস্থিত থকা সকলোৱে তুমুল হৰ্ষোধ্বনি আৰু হাত চাপৰিৰে আদৰণি জনায়।উল্লেখ্য যে , ৰাষ্ট্ৰপতি গৰাকীয়ে গুৱাহাটীৰ আজিৰ সেই কাৰ্যসূচীৰ পূৰ্বে প্ৰায় এঘণ্টা মান পূৰ্বে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত আয়োজিত সেই ৰাজহুৱা সভাখনৰ শুভাৰম্ভ ঘটে।সভাখনত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় খনৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ অংকুমণি শইকীয়া,চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন প্ৰমুখ্যে কেইবাগৰাকীও বক্তাই ভাষণ প্ৰদান কৰে।নিজৰ ভাষণত ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যালে ধুবুৰী চিকিৎসা মহাবিদ্যালয়খনৰ স্থাপনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পুৰণি ইতিহাস ৰোমন্থন কৰে আৰু আগলৈ গৈ ধুবুৰীৰ এই চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ পাঠ্যক্ৰম উপৰিও স্নাতকোত্তৰৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থকা ৰাজ্য সভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্র মাৰ্ঘেৰিটাই এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰে।তেওঁ কয় যে,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এসময়ত তিনিখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসলয়ৰ ঠাইত এতিয়া ৯ খন হ’লগৈ। আজি ৰাষ্ট্ৰপতি মহোদয়াই ৰাষ্ট্ৰীৰ প্ৰতি উৎসৰ্গা কৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় হৈছে অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয়। আন ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ পৰিকল্পনা কৰা হৈছে আৰু সেইসমূহৰ বিভিন্ন পৰ্যায়ত আছে।অৰ্থাৎ অসমত কিছু বছৰৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২১ খন হ’লগৈ।ধুবুৰীৰ ৰাইজক সকাহ প্ৰদানেৰে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ আৰম্ভ হ’ল বুলি উল্লেখ কৰি তেওঁ নিজৰ বুলি ভাবি ধুবুৰীৰ এই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন পৰিস্কাৰ পৰিচন্ন কৰি ৰখাৰ বিষয়টো লৈ দৃষ্টি ৰাখিবলৈ ৰাইজক অনুৰোধ জনায় ।নিজৰ ভাষণত ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে ধুবুৰীৰ এই চিকিৎসা মহাবিদ্যালয়খনত দূৰ দূৰণিৰ পৰা অহা চিকিৎসক সকলৰ সৈতে সহমৰ্মিতা,সহযোগিতা কৰিবলৈ ৰাইজক আহ্বান জনোৱা সমান্তৰালকৈ চিকিৎসকসকলকো উৎসৰ্গিত মনোভাৱেৰে চিকিৎসা সেৱা আগবঢ়াবলৈ অনুৰোধ জনায়।আজিৰ এই সভাখনত ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰ’হমান,বিজেপিৰ জিলা সভাপতি প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি,ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসকসকলৰ উপৰিও সৰ্বসাধাৰণ ৰাইজেও আহি স্বতঃস্ফূৰ্ত ভাৱে অংশ লোৱা দেখা যায়।উল্লেখ্য যে ,ধুবুৰী চহৰৰ সমীপৰ ঝগৰাৰপাৰত ১০৮ বিঘা ভূমিত ৫০৯ কোটি টকা ব্যয়েৰে নিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ইতিমধ্যে ১১১ গৰাকী ফেকাল্টি চিকিৎসক আৰু ২৮ গৰাকী ছিনিয়ৰ ৰেছিডেন্টৰ জৰিয়তে ২৪ টা বিভাগত চিকিৎসসেৱা আৰম্ভ হৈছে।আজি ৰাষ্ট্ৰপতি দৌপ্ৰদী মুৰ্মুৱে আনুষ্ঠানিক ভাৱে মুকলি কৰাৰ ৰাজ্যৰ এই নৱমখন তথা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত অহা নৱেম্বৰ মাহৰ মাজভাগৰ পৰা এশ গৰাকী শিক্ষাৰ্থীৰে এম বি বি এছ পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ হ’ব।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ