নগাঁৱৰ যুৱকৰ সাফল্য

0 238

IMG-20171129-WA0035

অসমবাসীৰ বাবে এক সুখবৰ। এইবাৰ ছিংগাপুৰত উজলিল অসম সন্তান। মিষ্টাৰ এছিয়াৰ খিতাপ দখল কৰিলে নগাঁৱৰ ছৰিফুল আলম শইকীয়াই। আজি গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনালে পৰিয়ালবৰ্গৰ লগতে গুণমুগদ্ধসকলে। উল্লেখযোগ্য যে ছৰিফুল আলম শইকীয়াই দুবাৰকৈ Mr. India খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। এইবাৰ যোৱা ২৬ নৱেম্বৰত ছিংগাপুৰত অনুষ্ঠিত হোৱা দেহশ্ৰী প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠি Mr. Asia Pacific 2017 ৰ শ্ৰেষ্ঠতাৰ খিতাপেৰে স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হ’ল।

IMG-20171129-WA0037এই প্ৰতিযোগিতাত ২৭ দেশৰ প্ৰায় ২৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তাৰমাজৰ পৰা অসম সন্তান ছৰিফুল আলম শইকীয়াই এনে সাফল্য দেখুৱাই অসম বাসীক গৌৰাম্বিত কৰিছে।

খবৰ – জিতুমণি দাস (মিৰ্জা)

Leave A Reply

Your email address will not be published.