নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
কপালৰ ঘাম মাটিত পেলাই তিনি-চাৰি মাহ পূৰ্বে প্ৰখৰ ৰ’দ-বৰষুণক নেওচিও পশ্চিম গুৱাহাটীৰ বৃহত্তৰ ৰাণী অঞ্চলৰ সহস্রাধিক কৃষক ৰাইজে পথাৰত সিঁচা সোণগুটি এতিয়া ভঁৰাললৈ আহে নে নাহে তাক লৈ চিন্তিত-শংকিত হৈ পৰিছে কৃষকসকল। কিয়নো পথাৰত ধানৰ থোক হোৱাৰ পাছৰে পৰা জাক জাক বনৰীয়া হাতীয়ে খেতিপথাৰত মুক্ত বিচৰণ কৰিবলৈ আৰম্ভ কৰিছে। আনকি সন্ধিয়া আন্ধাৰ হোৱাৰ পাছতেই কাষৰীয়া অসম-মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলৰ পৰা অহা হাতীৰ জাকসমূহ তিনি-চাৰিটা গোটত ভাগ ভাগ হৈ ঠাইবিশেষে জনাঞ্চলৰ মাজেৰে পথাৰত প্ৰৱেশ কৰিছে। সমান্তৰালভাৱে জনাঞ্চলৰ মাজেৰে খেতিপথাৰলৈ অহা- যোৱা কৰাৰ সময়ত মানুহ বা আন ঘৰচীয়া জীৱ-জন্তুৰ ক্ষতি কৰা নাই যদিও একাংশ লোকৰ বাৰীৰ কলগছ, কুঁহিয়াৰ, বাঁহকে ধৰি আন শসা হাতীৰ জাকে খাই তহিলং কৰা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত ৰাণীৰ পুৰাণ শুকুৰবৰীয়াৰ আদৰ্শ কৃষক দীনেশ নাথ, বিক্রমপুৰৰ বাসিন্দা তথা জ্যেষ্ঠ সাংবাদিক জোন ৰাভাকে ধৰি অঞ্চলটোৰ সচেতন লোকসকলে জানিবলৈ দিয়া মতে বিগত কিছুদিনৰ পৰা আজাৰাৰ সমীপৰ পাটগাঁৱৰ পৰা আৰম্ভ কৰি অসম- মেঘালয় সীমান্তৰ শুকুৰবৰীয়ালৈকে বৃহত্তৰ অঞ্চলটোৰ বিক্ৰমপুৰ,চল্লি, পুখুৰীপাৰ, পাত হালধীয়া, চেঁচা , গাৰোপাৰা, নাল্লাপাৰা, গণপতি, মাণিকপুৰ, জয়পুৰ, উদয়পুৰ খপেগাঁও, পুৰাণ শুকুৰবৰীয়া, নতুন ৰাণী, মৈৰাপুৰ পাটগাঁও, ,আন্ধেৰীজুলি সজ্জনপাৰা, পাটগাঁও আদি গাঁৱত বনৰীয়া হাতীৰ খেতিপথাৰত মুক্ত বিচৰণে কৃষক ৰাইজৰ নিদ্রা হৰণ কৰিছে। ইতিমধ্যে বন বিভাগৰ ৰাণীস্থিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া ৰোজী বৰ্মনৰ নেতৃত্বত বনকৰ্মীৰ দলে হাতীৰ উপদ্ৰৱৰ পৰা খেতিপথাৰ ৰক্ষা কৰিবলৈ পহৰাৰ বাবে টহলৰ ব্যৱস্থা কৰিছে। কিন্তু টহলদাৰী দলত পহৰাৰত বনকৰ্মীৰ সংখ্যা বহুখিনি কম হোৱাত আৰু একেলগে হাতীৰ উপদ্ৰৱ অঞ্চলসমূহ সামৰিব নোৱৰাত এফালে বনকৰ্মীৰ দলে ৰাইজৰ সহযোগত হাতী খেদিলে আনফালে ওচৰতে বা কাষৰীয়া অঞ্চলত আন হাতীৰ জাকে পুনৰ উপদ্ৰৱ আৰম্ভ কৰে। অৱশ্যে ৰাইজে ঠাইবিশেষে পথাৰৰ মাজত
থকা বা দাঁতিত থকা টঙীঘৰ সাজি সন্ধিয়াৰ পাছত জুই দলিয়াই, টিং বজাই হাতী খেদিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে যদিও সম্পূর্ণ সফল হ’ব পৰা নাই। যাৰ বাবে অঞ্চলটোৰ কৃষক ৰাইজকে ধৰি সচেতন লোকসকলে অন্তত আগন্তুক এটা মাহ বা কৃষকসকলে ধান কাটি ঘৰলৈ নিয়াৰ সময়লৈকে ৰাণীত বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজৰ খেতিপথাৰ ৰক্ষা কৰিবলৈ চৰকাৰক দাবী জনাইছে। এইক্ষেত্রত সচেতন লোকসকলে অসমৰ বন আৰু পৰিৱেশ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী,স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ হস্তক্ষেপ দাবী কৰিছে।যাতে এক সুসংহত প্রক্রিয়াৰে বিশেষ ব্যৱস্থা গ্রহণ কৰি হাতীৰ উপদ্ৰৱৰ পৰা কৃষিভূমি বা খেতিপথাৰসমূহ ৰক্ষা কৰিব পাৰি। ইফালে কৃষক ৰাইজে নিশাৰ ভাগত হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ কেৰাচিন তেল আৰু উচ্চক্ষমতা সম্পন্ন টৰ্চলাইট যোগান ধৰিবলৈ বন বিভাগক দাবী জনাইছে।