দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰদুৱাৰ বাগানত আজি এক ব্যতিক্ৰমী অনুষ্ঠানৰে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। উদীয়মান কাৰ্টুনিষ্ট, ব্যংগ লেখক তথা সাংবাদিক নুৰুল ইছলামৰ নিজ গৃহৰ চোতালত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত তেওঁৰ হাস্যব্যংগ সংকলন “বুধিন বৰ মানুহ হ’ল” উন্মোচন কৰে লোক কৃষ্টিৰ সাধক ভূবিন ৰাভাই। উন্মোচন কৰি বিশিষ্ট সাধক ৰাভাই কয় যে ” মানুহক কন্দুৱাবলৈ সহজ, কিন্তু হহুঁৱাবলৈ বৰ টান। ব্যংগ সাহিত্যৰ এই ধাৰাটোত লিখা মেলা কৰা লোক তেনেই তাকৰ, তাৰ মাজতে সাহিত্যৰ এই ধাৰাটোত মনোনিৱেশ কৰাৰ উপৰি ইছলামে কাৰ্টুন চৰ্চা অব্যাহত ৰখাতো খুবেই আদৰণীয়।” অনুষ্ঠানত উদীয়মান সাহিত্যানুৰাগী ধনচা আলীয়ে আঁতধৰা অনুষ্ঠানটি সঞ্চালনা কৰে চিন্তাশীল সাহিত্যপ্ৰেমী ৰমেন কুমাৰ দাসে। দিদাৰুণ নেছাৰ সুমধুৰ জ্যোতি সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট স্বাস্থ্য বিষয়া ডাঃ ভানু শইকীয়া, অসম শিশু সুৰক্ষা অধিকাৰ আয়োগৰ অধ্যক্ষা ড° সুনীতা চাংকাকতি , ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাৰ উপৰি সিদ্ধেশ্বৰ ৰাভা, ৰবীন শালৈ, খলিল আলী, মনচুৰ আলী, আব্দুল হুছেইনকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি সাহিত্য বিষয়ত কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
Trending
- বিটিচি নিৰ্বাচন সন্দৰ্ভত তামুলপুৰ জিলা আয়ুক্তৰ সংবাদ মেল সম্বোধন
- ২৯ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতিৰ চূড়ান্ত পৰ্যালোচনা কৰিলে সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহ আৰম্ভ
- দক্ষিণ শালমাৰা – মানকাচৰ জিলাৰ কোক্ৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- Guwahati Hosts East Zone Regional Abilympics 2025
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ চৰকাৰী কাৰ্য্যসূচীৰ সবিশেষ সাংস্কৃতিক মন্ত্রী বিমল বড়াই পৰিয়ালক জনালে
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত প্ৰাচীন সাঁচিপতিয়া পুথি পঠন আৰু সংৰক্ষণ বিষয়ক কৰ্মশালা সম্পন্ন
- এইচ ডি এফ চি বেংকৰ ভাৰত জিপিটিৰ নিৰ্মাতা কোৰ’ভাৰত বিনিয়োগ
- চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী