অসম ৰাজ্যিক নিৰ্বাচন আয়োগে অহা ২২ ছেপ্টেম্বৰত বডোলেণ্ড পৰিষদীয় পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ পাছতে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত তথা ৰিটাৰ্নিং বিষয়া পংকজ চক্ৰৱৰ্তীয়ে তেওঁৰ কাৰ্যালয় কক্ষত ২৬ আগষ্টত এখন সংবাদ মেল সম্বোধন কৰি কয় য়ে তামুলপুৰ জিলাৰ পাঁচোটা পৰিষদীয় সমষ্টিৰ বাবে ২৭ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ মনোনয়নপত্ৰ বিতৰণ কৰা হ’ব। পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজালৈ মনোনয়নপত্ৰসমূহ উপলব্ধ থাকিব। মনোনয়নপত্ৰসমূহ যাতে শুদ্ধকৈ পূৰণ কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি “চেক্ লিষ্ট” এখনো দিয়া হ’ব বুলি ৰিটাৰ্নিং বিষয়াগৰাকীয়ে উল্লেখ কৰে। ২ ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন। নিৰীক্ষণ কৰা হ’ব ৪ ছেপ্টেম্বৰত। বৈধভাৱে মনোনীত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব ৪ ছেপ্টেম্বৰত। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৬ ছেপ্টেম্বৰ আৰু সিদিনাই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব।২৬ ছেপ্টেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব। লগতে তেওঁ উল্লেখ কৰে যে ২৬-দৰঙাজুলি (জনজাতি) সমষ্টিৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰুম নম্বৰ-১ত সহকাৰী আয়ুক্ত কবিতা ফাংছ’ই মনোনয়নপত্ৰ বিতৰণ কৰিব। ২৭-নাগ্ৰীজুলি (অ-জনজাতি) সমষ্টিৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰুম নম্বৰ-২ত সহকাৰী আয়ুক্ত অৰুণিমা কাকতিয়ে মনোনয়নপত্ৰ বিতৰণ কৰিব। ২৮-গয়বাৰী সমষ্টিৰ বাবে তামুলপুৰৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত চক্ৰ বিষয়া এলিমা কাণ্ডুলনাই মনোনয়নপত্ৰ বিতৰণ কৰিব। ২৯-শুক্লাই ছেৰফাং (জনজাতি) সমষ্টিৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰুম নম্বৰ-৪ত সহকাৰী আয়ুক্ত অনুপম ডেকাই মনোনয়নপত্ৰ বিতৰণ কৰিব। ঠিক তেনেদৰে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ বাবে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত চক্ৰ বিষয়া ত্ৰিলীনা টাইদে মনোনয়নপত্ৰ বিতৰণ কৰিব। জনজাতীয় প্ৰাৰ্থীসকলে মনোনয়নপত্ৰৰ বাবে ৭৫ টকা আৰু অ-জনজাতীয় প্ৰাৰ্থীয়ে ১৫০ টকা জমা দিব লাগিব। উল্লেখ্য যে তামুলপুৰ জিলাৰ পাঁচোটা সমষ্টিত ৩৯৫টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ৩,৪৫,৭৭০গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। তদুপলক্ষে তামুলপুৰ জিলা প্ৰশাসনে জিলাখনত শান্তিপূৰ্ণ আৰু সুশৃংখল নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা সাজু কৰি তুলিছে। সংবাদমেলখনত জিলা আয়ুক্ত তথা ৰিটাৰ্নিং বিষয়া পংকজ চক্ৰৱৰ্তীয়ে উল্লেখ কৰে যে এইবাৰৰ তামুলপুৰৰ নিৰ্বাচন “সেউজ নিৰ্বাচন” হিচাপে অনুষ্ঠিত কৰা হ’ব। সেয়ে প্লাষ্টিকৰ উপৰি পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পেলাব পৰা সামগ্ৰী বৰ্জন কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। লগতে তেওঁ উল্লেখ কৰে যে জিলাখনৰ ৩৯৫টা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰতিটোতে একোজোপাকৈ মূল্যৱান গছৰ পুলি ৰোপণ কৰা হ’ব। তেওঁ জিলাখনৰ প্ৰতিগৰাকী ভোটাৰক বিবেক ভোট প্ৰদান কৰি শান্তিপূৰ্ণভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য