গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু দক্ষিণ কামৰূপৰ বৰিহাটস্থিত ঈশ্বৰ শ্ৰীশ্ৰী চতুর্ভূজ বৰফুলগুৰি সত্ৰৰ সহযোগত ১৭ আগষ্টত ‘প্ৰাচীন সাঁচিপতীয়া পুথি পঠন আৰু সংৰক্ষণ’ বিষয়ক এখন এদিনীয়া কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ভাগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ভাষণ প্ৰসংগত অসমৰ বিভিন্ন সত্ৰত থকা আপুৰুগীয়া সাঁচিপতীয়া পুথিসমূহ অধ্যয়নৰ প্রয়োজনীতা তথা গুৰুদুয়োজনাৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থৰ সুন্দৰ বিশ্লেষণাত্মক আলোকপাত কৰে। কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ ধনজিৎ তালুকদাৰ সমল ব্যক্তিৰূপে ভাগ লৈ উপস্থিত থকা শতাধিক স্থানীয় ভকত বৈষ্ণৱৰ লগতে দক্ষিণ কামৰূপ মহাবিদ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষার্থী সকলক কৰ্মশালাৰ বিষয়বস্তুৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে সহজ বৈজ্ঞানিক পদ্ধতিৰে কিদৰে সাঁচিপতিয়া পুথিসমুহক সংৰক্ষণ কৰিব পাৰি তাৰ কৌশল সমুহ প্ৰদৰ্শন কৰে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য