গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু দক্ষিণ কামৰূপৰ বৰিহাটস্থিত ঈশ্বৰ শ্ৰীশ্ৰী চতুর্ভূজ বৰফুলগুৰি সত্ৰৰ সহযোগত ১৭ আগষ্টত ‘প্ৰাচীন সাঁচিপতীয়া পুথি পঠন আৰু সংৰক্ষণ’ বিষয়ক এখন এদিনীয়া কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ভাগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ভাষণ প্ৰসংগত অসমৰ বিভিন্ন সত্ৰত থকা আপুৰুগীয়া সাঁচিপতীয়া পুথিসমূহ অধ্যয়নৰ প্রয়োজনীতা তথা গুৰুদুয়োজনাৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থৰ সুন্দৰ বিশ্লেষণাত্মক আলোকপাত কৰে। কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ ধনজিৎ তালুকদাৰ সমল ব্যক্তিৰূপে ভাগ লৈ উপস্থিত থকা শতাধিক স্থানীয় ভকত বৈষ্ণৱৰ লগতে দক্ষিণ কামৰূপ মহাবিদ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষার্থী সকলক কৰ্মশালাৰ বিষয়বস্তুৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে সহজ বৈজ্ঞানিক পদ্ধতিৰে কিদৰে সাঁচিপতিয়া পুথিসমুহক সংৰক্ষণ কৰিব পাৰি তাৰ কৌশল সমুহ প্ৰদৰ্শন কৰে।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত