মহানগৰীৰ নুনমাটিৰ গোপাল নগৰস্থিত পঞ্চদীপ জাতীয় বিদ্যালয়ত কালি ৰং বিৰং সন্ধিয়া সফলতাৰে অনুষ্ঠিত হয়। বিশিষ্ট সংগীত পৰিচালক জে পি দাসে উদ্বোধন কৰা সন্ধিয়াটোত তেখেতে পৰিবেশন কৰা মনোমোহা গীতেও ৰং বিৰঙ সন্ধিয়াখন উপভোগ্য কৰি তোলে। এই অনুষ্ঠানত বাৰ্ষিক খেল-ধেমালি সপ্তাহত বিভিন্ন বিষয়ত পুৰস্কাৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰী ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী,অভিভাৱক তথা কৰ্মচাৰীসকলে বাৰেৰহনীয়া গীত মাত পৰিৱেশন কৰে। লগতে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰোপৰি নুনমাটি অঞ্চলৰ নাৰী নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ গুৰি ধৰোতা হিমাদ্ৰী দেৱীকো এই অনুষ্ঠানতে বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা আৰু মান-পত্ৰ আগবঢ়োৱা হয়। এই অনুষ্ঠানতে বিশিষ্ট সমাজসেৱী গোপাল চন্দ্ৰ দাস আৰু সংস্কৃতি জগতৰ সৰবৰহী ব্যক্তি কনক প্ৰসাদ দাসকো সম্বৰ্দ্ধনা জনোৱা হয়। সন্ধিয়া অনুষ্ঠিত এই অনুষ্ঠানত সমবেত গীত,হোলীগীত,গোৱালপৰীয়া লোকগীত,কামৰূপী লোকগীত, অভিভাৱকসকলৰ বিয়ানাম,জেংবিহু, ৰাজস্থানী লোক নৃত্য,কবিতা আবৃত্তি,থলুৱা বাদ্যযন্ত্ৰৰে সুৰ সমলয়,ভূপেন হাজৰিকাৰ গীতৰ আধাৰত আধুনিক নৃত্য,দৰিকা নৃত্য,ভাৰত নাট্যম,সম্প্ৰীতিমূলক নৃত্যানুষ্ঠান লুইতৰ সুৰ বুকুত ওপঙে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত নৃত্য আদিয়ে অনুষ্ঠানটো মোহনীয় কৰি তোলে। উল্লেখযোগ্য যে, ২০০৫চনতে প্ৰতিষ্ঠা হোৱা অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে বৃহত্তৰ নুনমাটি অঞ্চলটোত পঞ্চদীপ জাতীয় বিদ্যালয়ে বিভিন্ন বিষয়ত সুখ্যাতি আৰ্জিবলৈ সক্ষম হৈছে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন