কামৰূপ জিলাৰ গুৱাহাটী কৃষি মহকুমাৰ কৃষি বিষয়া নৱজ্যোতি জগন্নাথ আৰু সন্দিপ ভূঞাই পলাশবাৰীৰ ৰামপুৰ কৃষি চক্ৰ এলেকাত পি এম কৃষি আচনিৰ অধীনত চৰকাৰে কৃষকক দি অহা সা সুবিধাসমূহ কিদৰে লাভ কৰিছে সেই সন্দৰ্ভত যোৱা ১০ নৱেম্বৰত চক্ৰৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি ভালেসংখ্যক কৃষকৰ সতে আলোচনাত মিলিত হৈ বুজ লয়। কামৰূপ জিলা পৰ্যায়ত অনুমোদিত হিতাধিকাৰীসকলৰ মাজত ইতিমধ্যেই ৰবি শস্য সৰিয়হ, মাকৈ আৰু মটৰৰ বীজ বিতৰণ কৰিছে। ৰামপুৰৰ কৃষি উন্নয়ন বিষয়া গিৰীন্দ্ৰ কুমাৰ শৰ্মা আৰু কৃষি উন্নয়ন সহায়ক লংকেশ্বৰ কলিতাকে ধৰি কেবাগৰাকীও বিষয়া আৰু গাওবুঢ়া, ৱাৰ্ড সদস্য আদিক লগত লৈ ঠাইসমূহ পৰিভ্ৰমণ কৰে। চুলিকটা গাৱৰ কৃষক মণ্টু দাসৰ পথাৰত উপস্থিত হৈ পৰীক্ষামূলকভাৱে শালিধান কটা অনুষ্ঠানতো কৃষি বিষয়াসকলে ভাগ লয়। তাৰ পিছত জেজাৰবড়ী গাৱত উপস্থিত হৈ কৃষকসকলে আয়োজন কৰা সৰিয়হ আৰু মটৰৰ বীজ চটিওৱা কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। আনহাতে এইবেলি ধানখেতি কৰা কৃষকে যাতে উৎপাদিত ধান সঠিক মূল্যক বিক্ৰী কৰিব পাৰে তাৰ বাবে মহকুমা বিষয়াগৰাকীয়ে গিৰীন্দ্ৰ শৰ্মাৰ সৈতে কৃষকসকলক যোগাযোগ কৰিবলৈ আহ্বান জনায়।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index